নিয়মীয়া বাৰ্তা ৭ জুনঃ সপ্তদশ সুসংগত উন্নয়ন লক্ষ্য (এছডিজি)ৰ তালিকাত ভাৰত পূর্বৰ বছৰটোৰ তুলনাত পুনৰ দুটা স্থান পিছুৱাইছে৷ বিগত বর্ষটোত উন্নয়নৰ লক্ষ্য হিচাপে নির্ধাৰণ কৰা সূচকাংকত ভাৰত আছিল ১৫০সংখ্যক স্থানত৷ বর্তমান ভাৰতৰ স্থান ১১৭৷
ৰাষ্ট্রসংঘৰ ১৯৩ দেশৰ মাজত এছ ডি জি নির্ধাৰণ কৰিছে ২০৩০ চনলৈ৷ ২০৩০ চনৰ এই এজেণ্ডাৰ অংশ হিচাপে প্রতি বছৰে প্রতিবেদন প্রকাশ কৰি অহা হৈছে৷
ভাৰতৰ পৰিৱেশ প্রতিবেদন ২০২১ অনুসৰি ক্ষুধা প্রতিৰোধ আৰু খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ লগতে লিংগ সমতা আদিক লৈ দেশে যি লক্ষ্য লৈছে তাক বাস্তৱায়িত কৰাটো সম্ভৱ হোৱা নাই৷ বৰঞ্চ বিভিন্ন দিশত ভাৰতৰ এছ ডি জি অৱনমিত হৈছে৷ লক্ষণীয়ভাৱে এইক্ষেত্রত ভাৰততকৈ ওপৰত আছে ভূটান, নেপাল, শ্রীলংকা আৰু বাংলাদেশ৷