নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত যুৱকক হত্যাৰ পিছতেই অসম ৰাইফলছৰ শিবিৰ উত্তপ্ত, গঞাই জ্বলালে বাহন

নিয়মীয়া বাৰ্তা ৭ জুনঃ মণিপুৰত কাংপক্পিৰ এখন গাঁৱত অসম ৰাইফলছে এজন গঞাক গুলীয়াই হত্যা কৰাৰ পিছতেই উত্তপ্ত হৈছে সমগ্র ৰাজ্য৷ অসম ৰাইফলছৰ এক শিবিৰত কালি নিশা স্থানীয় গঞাই প্রৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ আনকি অসম ৰাইফলছৰ এখন বাহন জ্বলাই দিয়াৰ ফটোও ছ’চিয়েল মিডিয়াত প্রকাশ পাইছে৷ অৱশ্যে প্রশাসনে এইদৰে গাড়ী জ্বলোৱা ঘটনা সন্দর্ভত কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷

স্মর্তব্য যে শুকুৰবাৰে দিনমজুৰ ২৬ বছৰীয়া লোকজনক অসম ৰাইফলছৰ জোৱানে গুলীয়াই হত্যা কৰাৰ পিছতেই অঞ্চলটো উত্তপ্ত হৈ পৰিছে৷

ইফালে, অসম ৰাইফলছৰ গুলীত নিহত যুৱকজনৰ পৰিয়াললৈ ক্ষতিপূৰণ হিচাপে ১০ লাখ টকা আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ এই সন্দর্ভত অসম ৰাইফলছৰ বিষয়ববীয়া আৰু মণিপুৰ চৰকাৰ আৰু কেইবাটাও নাগৰিক সমিতিৰ মাজত দীর্ঘ সময় ধৰি আলোচনা চলে৷ ২৬ বছৰীয়া মংগৈলালক সন্ত্রাসবাদীৰ সন্দর্ভত গুলীয়াই হত্যা কৰা বুলি অসম ৰাইফলছে সদৰী কৰাৰ উপৰি এই ঘটনাৰ বাবে দুখ প্রকাশ কৰিছে৷

You might also like