নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰকেট ফ’ৰ্চ’ৰ আৱশ্যক ভাৰতক

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ আগ্রাসী চীনৰ পাছত তালিবানশাসিত আফগানিস্তানো ভাৰতৰ বাবে ভাবুকি হ’ব পাৰে৷ দুই প্রতিৱেশী ৰাষ্ট্র চীন আৰু পাকিস্তানে ভাৰতৰ বাবে প্রত্যাহ্বান হৈ থকাৰ সময়তে এই প্রতিৱেশীৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হৈছে তালিবানশাসিত আফগানিস্তান৷ দুই প্রতিৱেশী শত্রু ৰাষ্ট্র চীন আৰু আফগানিস্তানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক সংহত নিৰাপত্তা কৌশলৰ আৱশ্যক আছে৷

তদুপৰি ভাৰতে ক্ষেপণাস্ত্রৰ কাৰণে নতুন ‘ৰকেট ফ’চ’ গঠনৰ আৱশ্যকতা আহি পৰিছে৷ চীনে আগ্রাসী ৰূপেৰে তালিবানশাসিত আফগানিস্তানৰ সৈতে সম্পর্ক গঢ়ি তোলাৰ প্রয়াসক লৈ উদ্বিগ্ণতা প্রকাশ কৰি চি ডি এছ জেনেৰেল বিপিন ৰাৱাটে আজি ক্ষেপণাস্ত্রৰ কাৰণে নতুন ৰকেট ফ’চৰ আৱশ্যকতা আছে বুলি মন্তব্য কৰিছে৷

উল্লেখ্য যে চীনে তালিবানশাসিত আফগানিস্তানৰ সৈতে সম্পর্ক গঢ়ি তোলাৰ সমান্তৰালকৈ ইৰান আৰু তুৰস্কৰ সৈতেও বন্ধুত্ব গঢ়াৰ দিশে আগবাঢ়িছে৷ চীন আৰু আফগানিস্তানৰ সৈতে মোকাবিলা কৰাৰ বাবে নতুন দিল্লীয়ে সকলো প্রত্যাহ্বান প্রতিৰোধ কৰিবলৈ নতুন ৰকেট ফ’চ গঠনৰ দিশে আগবাঢ়িব লাগিব বুলি কয় চি ডি এছ জেনেৰেল ৰাৱাটে৷ আফগানিস্তানৰ সৈতে ভাৰতৰ সম্পর্ক অধিক সুদৃঢ় আছিল যদিও নির্বাচিত চৰকাৰখনক উৎখাত কৰি তালিবানে আফগানিস্তান দখল কৰাৰ পাছতেই ভাৰতৰ প্রতি ভাবুকি আহিছে৷

You might also like