নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ কাছাৰীঘাটত তিনি কিশোৰৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ গোৱালপাৰা চহৰৰ কাছাৰীঘাটত গা ধুবলৈ গৈ অকাল মৃত্যুক সাবটি লোৱা তিনিওগৰাকী কিশোৰৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ আজি পুৱাৰ পৰাই এছ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান আৰম্ভ কৰি দুপৰীয়াৰ ভাগত নবী হুছেইন নামৰ কিশোৰগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে৷

পৰৱর্তী সময়ত আবেলি হোৱা প্রচণ্ড ধুমুহাৰ সময়ত মুক্তাৰ হুছেইন আৰু ছাহানুৰ ইছলামৰ মৃতদেহ দুটা পানীৰ ওপৰলৈ উপঙি উঠে৷ পিছত পঞ্চৰত্ন নদী আৰক্ষীয়ে তিনিওগৰাকী কিশোৰৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নি মৰণোত্তৰ পৰীক্ষাৰ পিছত অন্তিম সৎকাৰৰ বাবে পৰিয়ালক চমজাই দিয়ে৷

উল্লেখ্য যে কালি দুপৰীয়া ১২.৩০ বজাত গোৱালপাৰা চহৰৰ নিকটৱর্তী বৰপাহাৰ মিলন নগৰ আঞ্চলৰ আছাতুল্লাৰ পুত্র মুক্তাৰ হুছেইন (১২), মনোৱাৰ হুছেইনৰ পুত্র নবী হুছেইন (১৪) আৰু ৰছিদ আলীৰ পুত্র ছাহানুৰ ইছলামে (১৩) ব্রহ্মপুত্রত গা ধুবলৈ নামি পানীত ডুৱ যায়৷ এই ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কালি এটাও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাছিল৷

You might also like