নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিল: চলিত বৰ্ষৰ আৰম্ভণিতে ব্যক্তিগত সংস্থা ব্লুমবাৰ্গে দাবী কৰিছিল যে ভাৰতে জনসংখ্যাৰ ক্ষেত্ৰত চীনক চেৰ পেলাইছে। এইবাৰ ৰাষ্ট্ৰসংঘৰ অধ্যয়নতো একে দাবী উত্থাপন হৈছে। এই সমীক্ষা অনুসৰি চীনৰ জনসংখ্যা হ্ৰাস আৰু ভাৰতৰ বৃদ্ধিৰ বাবে ছি জিনপিঙৰ দেশক অতিক্ৰম কৰি ভাৰত বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে দুয়োখন দেশৰ জনসংখ্যাৰ পাৰ্থক্য ৩০ লাখৰো অধিক।
ৰাষ্ট্ৰসংঘৰ সমীক্ষা অনুসৰি বৰ্তমান চীনৰ জনসংখ্যা ১৪২.৫৭ নিযুত। তাত ভাৰতৰ মুঠ জনসংখ্যা ১৪২ কোটি ৮৬ লাখ। ১৯৫০ চনৰ পৰা ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে জনসংখ্যা জৰীপ আৰম্ভ কৰে। যোৱা ৭২ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰত বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে। যিটো দীৰ্ঘদিন ধৰি চীনৰ দখলত আছিল। শেহতীয়াকৈ কৰা এক সমীক্ষা অনুসৰি আমেৰিকা বিশ্বৰ তৃতীয় জনবহুল দেশ। ইয়াৰ জনসংখ্যা ৩৪ কোটি।
India surpasses China to become the world’s most populous nation with 142.86 crore people, says the United Nations.
According to UNFPA’s The State of World Population Report, 2023, India’s population has reached 1,428.6 million while China’s stands at 1,425.7 million, a… pic.twitter.com/kl3qexumkP
— ANI (@ANI) April 19, 2023