নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী: ভাৰতীয় সেনাই নৱবৰ্ষৰ সোণালী মুহূৰ্তত লাডাখৰ গালৱান ভেলীত ত্ৰিৰংগা উত্তোলন কৰে। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা মতে, ভাৰতীয় সেনাৰ জোৱানসকলে নৱবৰ্ষত গালৱানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি তাৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে।
ভাৰতীয় সেনাৰ এই পদক্ষেপ সেইসমূহ প্ৰতিবেদনৰ মাজত আহিছে য’ত দাবী কৰা হৈছিল যে চীনা সৈন্যই কেইদিনমান পূৰ্বে অঞ্চলটোত তেওঁলোকৰ পতাকা উত্তোলন কৰিছিল। ইয়াৰ পূৰ্বে, সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চীন চৰকাৰে নতুন সীমান্ত আইন কাৰ্যকৰী হোৱাৰ পূৰ্বে তেওঁলোকৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰিবলৈ বিচাৰিছিল।
যোৱা বৃহস্পতিবাৰে এক বিবৃতিত ভাৰত চৰকাৰে কৈছিল যে চীনে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম সলনি কৰিবলৈ চেষ্টা কৰাৰ বিষয়ে তথ্য পাইছে। এই অঞ্চলটো সদায় ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে আৰু থাকিব, নতুন নাম ৰাখি কোনেও এই সত্য সলনি কৰিব নোৱাৰে।
লগতে পঢ়কঃ অৰুণাচলৰ বাৰমুডা ট্রায়েংগল