নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ বাৰমুডা ট্রায়েংগল

  • ‘লেক অব নো ৰিটার্ন’ 

বাৰমুডা ট্রায়েংগলৰ ৰহস্যৰ কথা কোনে নাজানে! তেনে এটি ৰহস্যাবৃত হ্ৰদ আছে এইখন দেশতো। অৰুণাচল প্রদেশৰ এটি হ্রদৰ বিষয়ে এনে দাবীয়ে কৰে অনেকে। অৰুণাচলৰ ক’ত আছে এই হ্রদ?ম্য়ানমাৰৰ সীমান্তত অৰুণাচলৰ নায়াং ইয়াং হ্রদক লৈ আছে হাজাৰ গল্পকথা।

বহুতেই বিশ্বাস কৰে যে এই হ্রদত নামিলে হেৰাই যায় সকলোৱে। তাৰ পৰা আজি পর্যন্ত ঘৰলৈ ওভোতা নাই কোনেও। অৰুণাচলৰ এই হ্রদক লৈ শুনা যায় বহু লোককথা। ৰহস্যজনকভাৱে তাত হেৰাইছে অগণিত মানুহ। বহুতে কয়, ভাৰতৰ ৰহস্যাবৃত পর্যটনস্থলীৰ অন্যতম অৰুণাচলৰ ‘লেক অব নো ৰিটার্ন’ বা নায়াং ইয়াং হ্রদ।

চাংলাং জিলাৰ এই হ্রদৰ একাংশ ম্যানমাৰ পৰ্যন্ত বিস্তাৰিত। বহুতৰ মতে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্রশক্তিৰ বহু দেশে জৰুৰীভাৱে বিমান অবতৰণৰ বাবে অৰুণাচলৰ এই হ্রদৰ আশে পাশে থকা ঠাইবোৰ ব্যবহাৰ কৰিছিল। অবতাৰণৰ পাছত বহু বিমানেই উভতি নাহিল।

যুক্তিবাদীসকলৰ মতে গল্পকথা হলেও স্থানীয়লোকৰ বহুতেই মনেপ্রাণে বিশ্বাস কৰে এই কথা। অৰুণাচলৰ এই হ্রদক লৈ আজিও চলি আছে অগণিত জনশ্রুতি।

You might also like