নিয়মীয়া বাৰ্তা, ২১ জুনঃ ইতিমধ্যে লাডাখ সীমান্তত প্রায় ১০ হাজাৰ অতিৰিক্ত ভাৰতীয় সেনা মোতায়েন কৰা হৈছে৷ যুদ্ধকালীন তৎপৰতাৰে ফৰ’ৱার্ড পজিচনলৈ লৈ যোৱা হৈছে ইখনৰ পিছত সিখনকৈ অত্যাধুনিক যুঁজাৰু বিমান৷ তথাপি ৰঙা চীনক বিশ্বাসত ল’ব নোৱাৰি৷
ফৰ’ৱার্ড পজিচনত ভাৰতৰ শক্তি যিমান বৃদ্ধি কৰিব পাৰি সিমানে ভাল৷ সেয়েহে লাডাখৰ ভাৰত–চীন সীমান্তলৈ এতিয়া প্রেৰণ কৰি থকা হৈছে অর্ধসামৰিক বাহিনীও৷ সঁচাকৈ যদি যুদ্ধ কৰিবলগীয়া হয়, তেন্তে ভাৰতীয় সেনাবাহিনীক এতিয়া সকলো ধৰণৰ সামৰিক সহায় আগবঢ়ালৈ প্রস্তুত ইণ্ডো–তিব্বেতান বর্ডাৰ পুলিচ (আই টি বি পি), চেণ্ড্রেল ৰিজার্ভ পুলিচ ফ’চ (চি আৰ পি এফ)ৰ দৰে অর্ধসামৰিক বাহিনীও৷
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, গালৱানত যোৱা সোমবাৰে ৰক্তক্ষয়ী সংঘর্ষৰ পিছত লাডাখত এতিয়ালৈকে মুঠ ৭০০০ আই টি বি পি জোৱান মোতায়েন কৰা হৈছে৷ ইয়ৰ ভিতৰত কালি সন্ধিয়াৰ ভাগত প্রেৰণ কৰা হৈছে ৩০০০ আই টি বি পি জোৱান৷ তদুপৰি ১৫ কোম্পানী চি আৰ পি এফ জোৱানকো প্রেৰণ কৰা হৈছে৷ তদুপৰি আন ৩০ কোম্পানী চি আৰ পি এফৰ জোৱান লাডাখলৈ যোৱাৰ বাবে প্রস্তুত হৈ আছে বুলি সূত্রটোত প্রকাশ৷
উল্লেখ্য যে এটা কোম্পানীত ১০০ৰ পৰা ১২০জন জোৱান থাকে৷ অর্থাৎ ৭০০০ আই টি বি পি জোৱানৰ উপৰি যুদ্ধকালীন পৰিস্থিতিত ভাৰতীয় সেনাবাহিনীক সহায় কৰিবলৈ আন প্রায় ৫০০০ চি আৰ পি এফ জোৱানক লাডাখ সীমান্তত প্রেৰণ কৰি থকা হৈছে, যি যথেষ্ট তাৎপর্যপূর্ণ বিষয়৷ যুদ্ধ হ’ব নে নাই সেয়া সময়ে ক’ব৷ কিন্তু ভাৰতে যে চীনক মুঠেই বিশ্বাসত ল’ব পৰা নাই তাৰ প্রমাণটো হৈছে অনাকাংক্ষিত পৰিস্থিতিত সামৰিক বাহিনীৰ উপৰি সীমান্তত মোতায়েন কৰি থকা হৈছে প্রায় ১২,০০০ অর্ধসামৰিক বাহিনীও৷