নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাবাহিনীত বৃহৎ পৰিৱৰ্তনঃ ব্ৰিগেডিয়াৰ ৰেংক আৰু তাৰ ওপৰৰ বিষয়াসকলে পিন্ধিব একে ইউনিফৰ্ম

নিয়মীয়া বাৰ্তা, ৯ মে’: এতিয়াৰে পৰা ভাৰতীয় সেনাবাহিনীত নিযুক্তি নিৰ্বিশেষে ব্ৰিগেডিয়াৰ ৰেংক আৰু তাৰ ওপৰৰ বিষয়াসকলৰ বাবে একেধৰণৰ ইউনিফৰ্ম পৰিধানৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ সমাপ্ত হোৱা আৰ্মী কামাণ্ডাৰ কনফাৰেন্সৰ সময়ত বিতং আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে কৰ্ণেল পদ আৰু তলৰ পদবীৰ বিষয়াৰ ইউনিফৰ্মৰ কোনো পৰিৱৰ্তন নহ’ব।

সূত্ৰ অনুসৰি, ফ্লেগ ৰেংকৰ জ্যেষ্ঠ বিষয়া (ব্ৰিগেডিয়াৰ আৰু তাৰ ওপৰৰ)ৰ হেডগিয়াৰ, শ্বোল্ডাৰ ৰেংক বেজ, গৰ্গেট পেচ, বেল্ট আৰু জোতা এতিয়া ইউনিফৰ্ম হ’ব।  চলিত বৰ্ষৰ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই পৰিৱৰ্তন। ভাৰতীয় সেনাবাহিনীত কৰ্ণেল পদবী আৰু তাৰ তলৰ বিষয়াসকলে পিন্ধা ইউনিফৰ্ম আগৰ দৰেই থাকিব।

কিয় এই সিদ্ধান্ত লোৱা হ’ল?

জ্যেষ্ঠ নেতৃত্বৰ মাজত সেৱা বিষয়ত উমৈহতীয়া পৰিচয় আৰু দৃষ্টিভংগীক প্ৰসাৰিত আৰু শক্তিশালী কৰাৰ বাবে ৰেজিমেণ্টৰ সীমাৰ বাহিৰত ভাৰতীয় সেনাই ব্ৰিগেডিয়াৰ আৰু তাৰ ওপৰৰ পদবীৰ বিষয়াসকলৰ বাবে একেধৰণৰ ইউনিফৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

You might also like