নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ ক’ভিড–১৯ৰ ব্যাপক প্রভাৱ পৰা দেশৰ অর্থনীতি চলিত বিত্তীয় বছৰত –৭.৭ শতাংশলৈ সংকুচিত হ’ব৷ অৱশ্যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ সমীক্ষা অনুসৰি ২০২১–২২ বিত্তীয় বর্ষত চমকপ্রদ পুনৰুত্থানেৰে অর্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি পাব ১১ শতাংশলৈ৷ শুকুৰবাৰে বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা অর্থনৈতিক সমীক্ষাত দেশৰ বার্ষিক অর্থনৈতিক বিকাশৰ তথ্য প্রকাশ কৰা হয়৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনত দাখিল কৰা অর্থনৈতিক সমীক্ষা ২০২১ত উল্লেখ কৰা মতে, অহা বিত্তীয় বর্ষত স্বাধীনতাৰে পৰা মুঠ ঘৰুৱা উৎপাদনৰ হাৰ হয় সর্বাধিক৷ মুখ্য অর্থনৈতিক উপদেষ্টা কে ভি সুব্রমণিয়মৰ নিৰীক্ষণত কেন্দ্রীয় বিত্ত মন্ত্রালয়ে সমীক্ষাৰ প্রতিবেদন প্রস্তুত কৰিছে৷ অহা ১ ফেব্রুৱাৰীত কেন্দ্রীয় বাজেট দাখিলৰ পূর্বে এই প্রতিবেদনত চৰকাৰে দেশৰ অর্থনীতিৰ অৱস্থা সন্দর্ভত সংক্ষিপ্ত আভাস দাঙি ধৰে৷
সমীক্ষাত উল্লেখ কৰা মতে, ক’ভিড–১৯ মহামাৰীয়ে সমগ্র দেশতে বিভীষিকা সৃষ্টি কৰাৰ সময়তো ভাৰতীয় অর্থনীতিৰ পুনৰুত্থান সম্ভৱ হৈছে সুস্থিৰ মেক্র’ইক’নমিক অৱস্থাৰ বাবে৷ ভাৰতীয় অর্থনীতিৰ এই পুনৰুত্থানক ইংৰাজী ‘ভি’ আকৃতিৰ পুনৰুত্থান বুলি উল্লেখ কৰা হৈছে৷ এইক্ষেত্রত বিশেষ ভূমিকা লৈছে সুস্থিৰ মুদ্রা, কাৰেণ্ট একাউণ্ট বেলেন্স, সন্তোষজনক বৈদেশিক মুদ্রা ভাণ্ডাৰ আৰু নির্মাণখণ্ডত সন্তোষজনক বিকাশে৷ ২০২০–২১ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ২৩.৫ শতাংশলৈ সংকুচিত হোৱাৰ পাছতো অর্থনৈতিক প্রত্যাৱর্তন সম্ভৱ হৈছে উপৰিউক্ত দিশসমূহৰ সন্তোষজনক স্থিতিৰ বাবেই৷
সমীক্ষাত উল্লেখ কৰা হয় যে শতিকাত এবাৰেই অহা সংকটৰ সময়ত চৰকাৰে দেশবাসীৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ ওপৰত সর্বাধিক গুৰুত্ব দিছিল৷ চৰকাৰে উপলব্ধি কৰিছিল যে অর্থনীতিৰ প্রত্যাৱর্তন সম্ভৱ যদিও এবাৰ মানুহৰ জীৱন হেৰুৱাব লগা হ’লে সেয়া কেতিয়াও ঘূৰি নাহে৷ সেয়ে অর্থনৈতিক দিশত অচলাৱস্থাৰ আশংকা থকা সত্ত্বেও দেশজুৰি লকডাউন ঘোষণা কৰা হৈছিল৷ ইয়াৰ ফলত ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণ কৰাতো সম্ভৱ হ’ল৷ পৰৱর্তী পর্যায়ত চৰকাৰে অর্থনৈতিক পুনৰুত্থানৰ বাবে মধ্য আৰু দীর্ঘম্যাদী কার্যব্যৱস্থা গ্রহণ কৰে৷ উৎপাদন ক্ষমতা যাতে নিষ্ক্রিয় হৈ নপৰে আৰু যোগান যাতে বিস্তৃত কৰিব পাৰি, তাৰ বাবে কাঠামোগত সংস্কাৰ ঘটোৱা ভাৰতেই হ’ল একমাত্র দেশ৷ সমীক্ষাত উল্লেখ কৰা মতে, ২০২০–২১ বিত্তীয় বর্ষত ৰপ্তানি ৫.৮ শতাংশ আৰু আমদানি ১১.৩ শতাংশ হ্রাস পাব৷ ইপিনে, ক’ভিড মহামাৰীৰ সময়ত দেশৰ অর্থনীতিক সকাহ দিছে কৃষিখণ্ডৰ বিকাশে৷ চলিত বিত্তীয় বর্ষত কৃষিখণ্ডৰ বিকাশৰ হাৰ হ’ব ৩.৪ শতাংশ৷ ইয়াৰ বিপৰীতে উদ্যোগ আৰু সেৱাখণ্ডত সংকোচনৰ হাৰ হ’ব ক্রমে –৯.৬ শতাংশ আৰু –৮.৮ শতাংশ৷ ইপিনে অহা বছৰৰ পৰা বিশ্বৰ আটাইতকৈ দ্রুত বিকশিত দেশ হিচাপে ভাৰত পুনৰ পৰিগণিত হ’ব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে৷