🔹 আন্তর্জাতিক মুদ্রানিধিৰ প্রতিবেদনৰ পূর্বাভাস
🔹 গোলকীয় অনিশ্চয়তাৰ মাজতো শক্তিশালী হৈয়ে থাকিব ভাৰতৰ অর্থনীতি !
নিউজ ডেস্ক, ৩ মার্চ : গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰতৰ অর্থনীতি শক্তিশালী হৈয়ে থাকিব৷ বিশ্বৰ দ্রুততম অর্থনীতিৰ দেশ হিচাপে ভাৰতে নিজৰ স্থান অটুট ৰাখিবলৈ সক্ষম হ’ব৷ ২০২৫–২৬ বিত্তীয় বর্ষত ভাৰতৰ জিডিপি ৬.৫ শতাংশ হ’ব৷ এই পূর্বাভাস প্রকাশ পাইছে আন্তর্জাতিক মুদ্রা নিধি চমুকৈ আইএমএফৰ প্রতিবেদনত৷ বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ ভাৰতক তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিবলৈ নতুন দিল্লীয়ে অর্থনৈতিক ক্ষেত্রত বৃহৎ পদক্ষেপ গ্রহণ কৰি আহিছে৷ এনে পৰিপ্রেক্ষিততেই দেশখনৰ অর্থনীতি গোলকীয় অনিশ্চয়তাৰ মাজতো শক্তিশালী হৈ থাকিব বুলি আইএমএফৰ প্রতিবেদনত পূর্বাভাস প্রকাশ পাইছে৷ দেশৰ জিডিপি বৃদ্ধিৰ হাৰক লৈ পূর্বাভাস প্রকাশ কৰা আইএমএফে বর্তমান দেশখনৰ অর্থনৈতিক অৱস্থা খুবেই মজবুত আৰু স্থিতিশীল হৈ আছে বুলি মন্তব্য কৰিছে৷ বিভিন্ন পৰিস্থিতি আৰু প্রত্যাহ্বানৰ মোকাবিলা কৰি দেশখনৰ অর্থনীতি শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হৈছে৷ ২০২৪–২৫ৰ দৰেই ২০২৫–২৬তো ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰ ৬.৫ শতাংশ থাকিব৷ উল্লেখ্য যে পৰৱর্তী সময়ত অর্থাৎ ভৱিষ্যৎ দেশখনৰ অর্থনীতি অধিক উন্নীত কৰিবলৈ হ’লে কিছু কিছু ক্ষেত্রত সংস্কাৰ কৰিব লাগিব বুলিও আইএমএফে পৰামর্শ আগবঢ়াইছে৷ ব্যক্তিগত বিনিয়োগ উজ্জীৱিত কৰাৰ লগতে প্রত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)–এ দেশখনৰ অর্থনীতিক বিকাশৰ হাৰ বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলিও প্রতিবেদনত প্রকাশ পাইছে৷ দীর্ঘম্যাদী লক্ষ্যৰে ভাৰতে কিছু কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণেৰে সংহত আন্তঃগাঁথনি সংস্কাৰৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলি প্রতিবেদনত প্রকাশ পাইছে৷ লক্ষণীয় যে ভাৰতে শ্রমিক বজাৰ সংস্কাৰৰ সমান্তৰালকৈ মানৱীয় মূলধন শক্তিশালীকৰণৰ লগতে শ্রম শক্তিত মহিলাৰ অন্তর্ভুক্তিক অতি গুৰুত্ব দিব লাগিব বুলিও আইএমএফে প্রকাশ কৰিছে৷ কৰ আৰু কৰ সকাহৰ ক্ষেত্রত চৰকাৰখনে প্রাধান্য দি বাণিজ্যক অধিক সবলীকৰণত গুৰুত্ব দিব লাগিব বুলিও আইএমএফে প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে ২০২৪–২৫ বিত্তীয় বর্ষৰ প্রথম ছমাহত দেশৰ জিডিপি বিকাশ ৬ শতাংশত সীমাবদ্ধ হৈ আছে যদিও আৰবিআইৰ মুদ্রাস্ফীতি নিয়ন্ত্রণৰ বাবে গ্রহণ কৰা পদক্ষেপে দেশৰ জিডিপি বৃদ্ধিত সহায় কৰিছে৷ তাৎপর্যপূর্ণ যে বিগত বর্ষত ভাৰতৰ জিডিপিৰ পূর্বাভাস আইএমএফে ৬.৮ শতাংশ হ’ব পাৰে বুলি প্রতিবেদন প্রকাশ কৰিছিল যদিও পিছলৈ আইএমএফে ভাৰতৰ জিডিপি ৭ শতাংশ স্পর্শ কৰিব বুলি পূর্বাভাস দিছিল৷ কিন্তু বাস্তৱ ক্ষেত্রত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ আছিল ৬.৫ শতাংশ৷ এনেক্ষেত্রত ২০২৫–২৬লৈ আইএমএফে পূর্বাভাস কৰা জিডিপি বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷