নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিত আৰম্ভ ভাৰতৰ ‘এয়াৰ ডমিনেঞ্চ’

লাডাখৰ আকাশত বায়ুসেনাৰ চিনুক–আপাচী হেলিকপ্টাৰ

নিয়মীয়া বাৰ্তা ২০ জুনঃ   গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ পাছতে আগ্রাসী ৰঙা চীনক প্রতিৰোধকল্পে প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ত ব্যাপক সামৰিক তৎপৰতা চলাইছে ভাৰতে৷ যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সাজু থাকিবলৈ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাক ইতিমধ্যে সতর্ক কৰি দিয়া হৈছে৷ বিশেষকৈ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে তিনিওটা বাহিনীৰ মাজত সমন্বয় গঢ়ি তোলাৰ হকে নির্দেশনা জাৰি কৰাৰ পাছতেই লাডাখ সীমান্তৰ এলএচিত আৰম্ভ হ’ল ‘এয়াৰ ডমিনেঞ্চ’ প্রক্রিয়া৷ শুকুৰবাৰে পুৱাৰ ভাগত এলএচিত ভাৰতীয় বায়ুসেনাৰ এটেক হেলিকপ্টাৰ আৰু নজৰদাৰী বিমানৰ উৰণ পৰিলক্ষিত হয়৷ লাডাখৰ আকাশত চিনুক কার্গো হেলিকপ্ঢাৰ, আপাচী এটেক হেলিকপ্ঢাৰ, পি–৮ ছার্ভিলেন্স এয়াৰ ক্রাফ্ট আৰু আই এল– ৭৬ ষ্ট্রেটেজীক এয়াৰ ক্রাফ্টৰ সঘন উৰণে কার্যতঃ ৰণদুন্দুভি বজালে৷ অকল সেয়াই নহয়, সীমান্তত অতি দ্রুত প্রস্তুতি গঢ়ি তোলা দিল্লীৰ নির্দেশত উৰিল বিশ্বৰ অত্যাধুনিক টেক্টিকেল এয়াৰলিফ্টাৰ বিমান চি–১৩০ জে ছুপাৰ হাৰকিউলিছো৷ তদুপৰি এলএচি সংলগ্ন বায়ুসেনাৰ বিমান ঘাটিসমূহত মোতায়েন কৰা হৈছে চুখ’ই–৩০ৰ দৰে অত্যাধুনিক প্রযুক্তিসম্পন্ন যুদ্ধ বিমান৷ লেহৰ পৰা দৌলত বেগ অ’ল্ডিৰ দিশে এখনৰ পাছত এখনকৈ সামৰিক হেলিকপ্টাৰে–বিমানৰ উৰণে লাডাখত ৰুদ্ধশ্বাস পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ স্থানীয় সূত্রৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি দৌলত বেগ অ’ল্ডিৰ বিমানঘাটিত অৱতৰণ কৰাৰ পাছত চি–১৩০ জে ছুপাৰ হাৰকিউলিছ এয়াৰলিফ্টাৰ বিমান এখনে পুনৰ তাৰ পৰা উভতি আহে৷ সামৰিক বিশেষজ্ঞসকলৰ মতে, ছুপাৰ হাৰকিউলিছৰ এই উৰণৰ অর্থ হ’ল একধৰণৰ যুদ্ধাভ্যাস৷ পৰিস্থিতিৰ অৱনতি ঘটিলে দ্রুতভাৱে যাতে সেনা জোৱান তথা সা–সৰঞ্জাম আৰু ৰচদ–পাতি কঢ়িয়াই নিব পৰা যায়, তাৰেই এয়া অনুশীলন৷ উল্লেখ্য যে যোৱা সোমবাৰৰ নিশা গালৱান উপত্যকাত ড্রেগন বাহিনীৰ আক্রমণত নিহত হৈছিল ভাৰতীয় সেনাৰ এজন কর্নেলসহ ২০জনকৈ জোৱান৷ ইয়াৰ পাছৰে পৰা লাডাখত উত্তেজনা অব্যাহত আছে৷
অকল লাডাখেই নহয়, এই ঘটনাক কেন্দ্র কৰি সমগ্র দেশতে সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ সীমা উলংঘা কৰি চীনা সৈন্যই ভাৰতৰ দিশে কেইবাকিলোমিটাৰ আগবাঢ়ি অস্থায়ী শিবিৰ স্থাপন কৰি লৈছে৷ যোৱা সোমবাৰৰ নিশাৰ সংঘর্ষৰ পাছত দুয়ো দেশৰ মাজত সেনাৰ মেজৰ জেনেৰেল পর্যায়ত একাধিকবাৰ বৈঠক অনুষ্ঠিত হৈছে যদিও চীনা সৈন্যবাহিনী পিপ্লছ লিবাৰেচন আর্মীয়ে (পিএলএ) উক্ত স্থান ত্যাগ কৰিবলৈ সন্মত হোৱা নাই৷ কূটনৈতিক পর্যায়তো বিষয়টো সমাধান কৰাৰ চেষ্টা চলিছে যদিও সমান্তৰালভাৱে ভাৰতে এলএচিত ব্যাপক ৰূপত সামৰিক প্রস্তুতিও অব্যাহত ৰাখিছে৷ সমগ্র ঘটনাক কেন্দ্র কৰি উত্তেজনা বিৰাজ কৰাৰ সময়তে বুধবাৰে পুৱা লেহ বায়ুসেনা ঘাটিত উপস্থিত হয় বায়ুসেনাপ্রধান ৰাকেশ কুমাৰ সিং ভাডাউৰীয়া৷ দিনটো পৰিস্থিতি পর্যালোচনা কৰাৰ অন্তত বায়ুসেনাপ্রধান ভাডাউৰীয়াই বৃহস্পতিবাৰে উপস্থিত হৈছিল শ্রীনগৰ বায়ুসেনা ঘাটিত৷ দুদিনীয়াকৈ এইদৰে বায়ুসেনাপ্রধানজনে পৰিস্থিতি পর্যালোচনা কৰাৰ পাছতেই শুকুৰবাৰে লাডাখৰ আকাশত দেখা গ’ল ভাৰতৰ সামৰিক তৎপৰতা৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইতিমধ্যে এলএচিত ভাৰতে অতিৰিক্ত সেনা মোতায়েন কৰিছে৷ সেইদৰে সা–সৰঞ্জাম আৰু ৰচদ–পাতি প্রেৰণৰ প্রক্রিয়াও আৰম্ভ কৰিছে ভাৰতীয় সেনাই৷ প্রতিৰক্ষা বিশেষজ্ঞ তথা ভাৰতীয় সেনাৰ অৱসৰপ্রাপ্ত কর্নেল সৌমিত্র ৰায়ৰ মতে, পি–৮ ছার্ভিলেঞ্চ এয়াৰক্রাফ্ট আৰু আপাচী এটেক হেলিকপ্টাৰ সীমান্তত উৰণৰ উদ্দেশ্য প্রধানতঃ দুটা৷ প্রথমতে ইয়াৰ জৰিয়তে ভাৰতে সীমান্তত এয়াৰ ডমিনেঞ্চ আৰম্ভ কৰিলে৷ অর্থাৎ প্রতিপক্ষৰ ফালৰ পৰা আগ্রাসনৰ চেষ্টা কৰিলেই আকাশমার্গেৰে তাৰ প্রত্যুত্তৰ দিয়া হ’ব৷ দ্বিতীয়তে, সেনা জোৱানৰ লগতে সা–সৰঞ্জাম আৰু ৰচদ–পাতি লৈ সীমান্তৱর্তী বিমানঘাটিৰ দিশে যোৱা হেলিকপ্টাৰ আৰু বিমানসমূহক সুৰক্ষা প্রদান কৰা৷
১০ সেনা বিষয়া–জোৱানক গতাই দিলে ভাৰতক
গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘর্ষৰ সময়ত বন্দী হোৱা ১০ ভাৰতীয় সেনা বিষয়া–জোৱানক পিপল্ছ লিবাৰেচন আর্মীয়ে বৃহস্পতিবাৰে বিয়লি গতাই দিয়ে৷ একাংশ ৰাষ্ট্রীয় সংবাদ মাধ্যমত এই খবৰ প্রকাশ পাইছে৷ অৱশ্যে চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ঝাও লিজিয়ানে শুকুৰবাৰে এই বাতৰি অস্বীকাৰ কৰিছে৷ মন কৰিবলগীয়া যে কালি অনুষ্ঠিত এখন সংবাদ মেলতো ভাৰতৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র অনুৰাগ শ্রীবাস্তৱেও কৈছিল যে কোনো ভাৰতীয় সেনা নিখোজ হৈ থকা নাই৷

You might also like