নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ ঘণ্টা ধৰি ভাৰত–চীনৰ সেনাৰ আলোচনা

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ পূব লাডাখত সংঘটিত উত্তেজনাৰ অৱসান ঘটাবলৈ কালি ভাৰত–চীনৰ সেনা বিষয়া পর্যায়ৰ দশমলানি বৈঠক অনুষ্ঠিত হয়৷ এই দশমলানি বৈঠক সুদীর্ঘ ১৬ ঘণ্টা ধৰি চলে৷ উভয় পক্ষৰ জ্যেষ্ঠ কমাণ্ডাৰসকলে লাডাখৰ হটস্প্রিংছ, গোগৰা আৰু ডেপছাং পইণ্টৰ পৰা সেনাৰ পশ্চাদপসৰণৰ বিষয়টো সন্দর্ভত সহমত পোষণ কৰিছে৷ কালিৰ এই আলোচনাৰ পিছতে আজি প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰিছে এক বিবৃতি৷

স্মর্তব্য যে দশমলানি এই আলোচনাত ভাৰতীয় পক্ষক নেতৃত্ব প্রদান কৰিছিল লেফটেনেণ্ট জেনেৰেল পিজিকে মেননে৷ পিজিকে মেনন হৈছে লেখস্থিত ১৪ ক’পছৰ কমাণ্ডাৰ৷ ইফালে চীনা পক্ষক নেতৃত্ব প্রদান কৰিছিল মেজৰ জেনেৰেল লিউ লিনে৷ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা বিবৃতি অনুসৰি মলডো–চাছাল সীমান্তৰ বৈঠকত উভয় পক্ষই ইতিবাচক দৃষ্টিভংগীৰে পাংগং লেকৰ সমীপৰ পৰা সেনাৰ পশ্চাদপসৰণৰ বিষয়টোৰ সহমত পোষণ কৰিছে৷

লক্ষণীয়ভাৱে দশমলানি আলোচনাক প্রতিৰক্ষা মন্ত্রালয়ে বিভিন্ন দিশৰ পৰা তাৎপর্যপূর্ণ বুলি অভিহিত কৰিছে৷ এই ইতিবাচক দৃষ্টিভংগীৰ আলোচনাৰ বাবে ভৱিষ্যৎ দিনত সামৰিক বিষয়া পর্যায়ত এল এ চি সন্দর্ভত প্রস্তাৱ গ্রহণ কৰিব পৰা যাব বুলিও আশা প্রকাশ কৰা হৈছে বিবৃতিটোত৷ উভয় পক্ষৰ সেনা বিষয়াই সীমান্ত অঞ্চলত যৌথভাৱে শান্তি আৰু সুস্থিৰতা ৰক্ষাৰ বিষয়টোতো সহমত পোষণ কৰা বুলি প্রতিৰক্ষা মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা হৈছে৷ অৱশ্যে তাৎক্ষণিকভাৱে বেইজিং প্রশাসনে এই সন্দর্ভত কোনো বিবৃতি প্রকাশ কৰা পৰিলক্ষিত হোৱা নাই৷

You might also like