নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এআইচিচিক দাখিল ৩৭টা সমষ্টিৰ তালিকা

দিল্লীত কংগ্রেছৰে দৰ–দাম ইউডিএফৰ

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ  ৰাজ্যৰ কংগ্রেছ নেতৃত্বক একপ্রকাৰ অন্ধকাৰত ৰাখি নতুন দিল্লীত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সৈতে এ আই ইউ ডি এফে আসনক লৈ দৰ–দাম অব্যাহত ৰাখিছে৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কালি নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰি মহাজোঁটক গতিশীল কৰাৰ লগতে আগন্তুক দিনত অসমত বিজেপিক প্রতিহত কৰাৰ বাবে এখন বৈঠকত মিলিত হয়৷ এ আই ইউ ডি এফৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকখনত আজমলে বিজেপিক প্রতিহত কৰাৰ ক্ষেত্রত মহাজোঁটৰ সকলোৱে এৰাধৰাৰ মানসিকতাৰে আগবাঢ়িব লাগিব বুলি প্রকাশ কৰাৰ লগতে এ আই ইউ ডি এফ দল ত্যাগৰ মানসিকতাৰে মহাজোঁটৰ অংশীদাৰ হৈছে বুলি প্রকাশ কৰে৷ মহাজোঁটৰ অংশীদাৰ দলসমূহৰ সৈতে আসন বুজাবুজিৰ বিষয়টো অতি সোনকালে নিষ্পত্তি কৰিবলৈও আজমলে কংগ্রেছ নেতৃত্বক আহ্বান জনায়৷ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, এ আই ইউ ডি এফৰ তৰফৰ পৰা ইতিমধ্যে নিখিল ভাৰত কংগ্রেছ কমিটীক ৩৭টা সমষ্টিৰ তালিকা দাখিল কৰিছে৷

২০০৬ চনৰ পৰা বিগত নির্বাচনসমূহত এ আই ইউ ডি এফে জয়লাভ কৰা আৰু মাত্র সামান্য ভোটৰ ব্যৱধানত পৰাজয়বৰণ কৰা সমষ্টিসমূহ সেই তালিকাত সন্নিৱিষ্ট কৰিছে৷ সেই সমষ্টিসমূহ হৈছে– পাথাৰকান্দি, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, কাটিগড়া, মানকাচৰ, দক্ষিণ শালমাৰা, ধুবুৰী, গৌৰীপুৰ, বিলাসীপাৰা পূব, বিলাসীপাৰা পশ্চিম, গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, অভয়াপুৰী দক্ষিণ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, জলেশ্বৰ, ভৱানীপুৰ, বৰপেটা, জনিয়া, বাঘবৰ, সৰুক্ষেত্রী, চেঙা, বকো, কলাইগাঁও, দলগাঁও, মাজবাট, লাহৰীঘাট, ৰহা, ধিং, বটদ্রৱা, ৰূপহী, যমুনামুখ, হোজাই আৰু নাওবৈচা৷ অৱশ্যে মহাজোঁটৰ স্বার্থত প্রাৰম্ভিক পর্যায়তে এ আই ইউ ডি এফে ১৪টা সমষ্টি এৰি দি ২৩টা সমষ্টিতে সন্তুষ্ট থকাৰ নীতি গ্রহণ কৰিছে৷ প্রাৰম্ভিক পর্যায়তে এ আই ইউ ডি এফে এৰিবলৈ সন্মত হোৱা এই সমষ্টিকেইটা হৈছে– কৰিমগঞ্জ দক্ষিণ, দক্ষিণ শালমাৰা, বিলাসীপাৰা পূব, অভয়াপুৰী দক্ষিণ, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, ভৱানীপুৰ, বৰপেটা, চেঙা, বকো, মাজবাট, বটদ্রৱা, ৰূপহী আৰু নাওবৈচা৷ অৱশ্যে এয়া চূড়ান্ত হ’ব অনাগত দিনত এ আই চি চিৰে হ’বলগীয়া আসন বুজাবুজিৰ আনুষ্ঠানিক বৈঠকতহে৷ এ আই চি চিক আজমলে দাখিল কৰা প্রস্তাৱ অনুসৰি যদি আসন বুজাবুজি হয়, তেনেহ’লে বর্তমান তেওঁলোকৰ দখলত থকা কৰিমগঞ্জ দক্ষিণ, অভয়াপুৰী দক্ষিণ, ভৱানীপুৰ আৰু নাওবৈচা সমষ্টি ৪টা স্বাভাৱিকতে কংগ্রেছে লাভ কৰিব৷

একেদৰে আজমলৰ প্রস্তাৱ অনুসৰি আসন বুজাবুজি হ’লে বর্তমান কংগ্রেছৰ দখলত থকা বদৰপুৰ, মানকাচৰ, সৰুক্ষেত্রী, দলগাঁও আৰু লাহৰীঘাট এই সমষ্টি পাঁচটা এ আই ইউ ডি এফৰ হাতলৈ গুচি যাব৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, অসমত কংগ্রেছৰ প্রার্থী বাছনিৰ দায়িত্ব বিশেষভাৱে ন্যস্ত কৰা জ্যেষ্ঠ কংগ্রেছ নেতা মুকুল ৱাছনিক আৰু জিতেন্দ্র সিঙে এ আই ইউ ডি এফে দাখিল কৰা ৩৭টা সমষ্টিৰ তালিকা অতি সূক্ষ্মভাৱে পর্যালোচনা কৰি আছে৷ প্রতিটো সমষ্টিৰ ভোট বিন্যাস, কংগ্রেছ–এ আই ইউ ডি এফৰ উত্থান–পতন আৰু জনপ্রিয়তা সম্পর্কত বিভিন্ন মাধ্যমেৰে তথ্য সংগ্রহৰ কাম আৰম্ভ কৰিছে৷ সেই ছার্ভে সম্পূর্ণ হোৱাৰ পাছতেই এ আই চি চিয়ে এ আই ইউ ডি এফৰ সৈতে আসন বুজাবুজিৰ প্রক্রিয়া চূড়ান্ত কৰিব৷

You might also like