নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জখমী বাঘিনী অধিক বিপজ্জনকঃ ক’লে মমতাই…

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিজেপি দলক তীব্ৰ সমালোচনা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মঙলবাৰে কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে “ষড়যন্ত্ৰ” কৰি আছে আৰু যদি বিজেপিক ভোট দি ক্ষমতালৈ আনিবলৈ হয়, তেন্তে ই জনসাধাৰণৰ কণ্ঠস্বৰ “দমন” কৰিব।

নিৰ্বাচনৰ বাবে মাজত কেইটামান দিন বাকী থকাৰ মাজতে আজি হুইলচেয়াৰত বহিয়ে ৰাজ্যখনৰ মেজিয়া অঞ্চলত এক ৰাজহুৱা সভাত ভাষণ দি বেনাৰ্জীয়ে কয়, “নিৰ্বাচনৰ সময়ত বিজেপিয়ে তেওঁলোকৰ সভাত উপস্থিত থাকিবলৈ মানুহ ক্ৰয় কৰে, কিয়নো তেওঁলোকৰ সমৰ্থন কৰিবলৈ মানুহ নাই।”

আঘাতপ্ৰাপ্ত ভৰিৰে মুখ্যমন্ত্ৰী মমতাই ৰাইজক সম্বোধন কৰি কয়, “মই মোৰ যুঁজ অব্যাহত ৰাখিম আৰু বিজেপিয়ে ২৭ মাৰ্চত খেলিব লাগিব।”

নিজকে আহত বাঘ বুলি কৈ বেনাৰ্জীয়ে সভাত কয়, “আঘাতপ্ৰাপ্ত বাঘিনী অধিক বিপজ্জনক। মই মোৰ ছোৱালী আৰু মাতৃসকলৰ দুটা ভৰিৰ সমৰ্থনত এটা ভৰিৰেই খেলিম।”

তেওঁ লগতে উল্লেখ কৰে, “বিজেপিয়ে মোক যিমান অত্যাচাৰ নকৰক কিয়, মই কেৰেপ নকৰোঁ। জ’ মুঝচে তকৰায়েগা ৱহ চুৰ চুৰ হো জায়েগা।”

ইপিনে বিজেপি চৰকাৰে কৰা প্ৰতাৰণাক মানুহে টিএমচিক ভোটদান কৰি শান্তিপূৰ্ণভাৱে প্ৰতিশোধ ল’ব বুলিও দোহাৰে মমতা বেনাৰ্জীয়ে।

You might also like