নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীয়ে যদি সপোনাত দেখে সুন্দৰ যুৱক, তেতিয়া ইয়াৰ অৰ্থ কি হ’ব পাৰে জানেনে…

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ  সামুদ্ৰিক শাস্ত্ৰত আমি সপোনত যি দেখো, তাক লৈ বৰ্ণনা কৰা আছে। এই শাস্ত্ৰ মতে, আমি কেতিয়াবা এনে কিছু সপোন দেখো যি আমাৰ মনটো বেয়া কৰি পেলায়। দিনটো বেয়া ভাবেৰে পাৰ হয়। আকৌ কিছুমান সপোনে মনত শান্তি দিয়ে। আনহাতে, এনেধৰণৰ কিছুমান সপোন দেখো, যাক আমি বুজি নাপাও। এনে কিছু সপোন আছে, যি দেখিলে আপোনাৰ ভাগ্য সলনি হ’ব পাৰে।

সামুদ্ৰিক শাস্ত্ৰৰ মতে সপোনাত কোনো যুৱতীয়ে যদি সপোনাত যুৱক দেখে ই এক ভাল সংকেত। এনেধৰণৰ সপোন প্ৰায়েই ছোৱালীয়ে যৌৱন কালত  দেখে। এনেধৰণৰ সপোনাৰ অৰ্থ এইটো যে ছোৱালীজনী অতি সোনকালে প্ৰেমৰ সম্বন্ধত আবদ্ধ হ’ব অথবা মনে মনে ইমানদিনে মনে বিচৰা লোকজন জীৱনলৈ আহিব।

লগতে ইয়াৰ অৰ্থ এইটোও যে কোনো যুৱতীৰ এনেকুৱা এজন ব্যক্তিৰ লগত চিনাকি হ’ব, যি সেই যুৱতীগৰাকীৰ জীৱনত মুখ্য ভূমিকা ল’ব। ইয়াৰ উপৰি যুৱতীগৰাকীৰ গোটেই জীৱনৰ সুখ দুখৰ সমভাগী হ’ব।

সপোনত যদি সৰু লৰাই কোলাত খেলি থকা দেখাঃ এই সপোনাৰ অৰ্থ যে আপোনাৰ ধনৰ যোগ আৰু ব্য়ৱসায়ৰ উন্নতি হ’ব। এনেধৰণৰ সপোনে নতুন ব্যৱসায়ত পৰিসৰ বৃদ্ধি কৰিব।

You might also like