কে কেৰ মুখ-মূৰত আঘাতৰ চিন, আৰক্ষীয়ে ৰুজু কৰিলে অস্বাভাৱিক মৃত্যুৰ গোচৰ
বিশেষ বাৰ্তা, ১ জুনঃ জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ মঙলবাৰে নিশা আকস্মিক মৃত্যু হয়। তেওঁ কলকাতাত সংগীতানুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে জীৱন ৰক্ষা কৰিব নোৱাৰিলে। লগে লগে তেওঁৰ মৃত্যুৰ কাৰণ কাৰ্দিক এটেক বুলি কোৱা হৈছিল, কিন্তু এতিয়া ইয়াত এটা ডাঙৰ ৰহস্যৰ গোন্ধ পাইছে। কণ্ঠশিল্পীজনৰ মুখ আৰু মূৰত আঘাতৰ চিন পোৱাৰ বাবে আৰক্ষীয়ে ‘অস্বাভাৱিক মৃত্যু’ৰ গোচৰ ৰুজু কৰিছে। সংবাদ প্ৰতিষ্ঠান এ এন আইৰ প্ৰতিবেদন অনুসৰি কণ্ঠশিল্পী কে কেৰ মৃত্যু সন্দৰ্ভত নিউ মাৰ্কেট আৰক্ষী থানাত ৰুজু হৈছে অস্বাভাৱিক মৃত্যুৰ গোচৰ। পৰিয়ালৰ সন্মতি লোৱাৰ পিছত সোধা-পোছা আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ’ব। কলকাতাৰ এছ এছ কে এম হাস্পতালত পোষ্ট মৰ্টামৰ যো-জা চলিছে।