তাজমহল-লালকিল্লাত-কুটুব মিনাৰত প্ৰৱেশৰ বাবে মহিলাক নালাগে টিকট
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ ৮ মাৰ্চত নাৰী দিৱস। এই উপলক্ষে তাজমহল, লালকিল্লা আৰু কুটুব মিনাৰত মহিলাৰ বিনামূলীয়া প্ৰৱেশ কথা ঘোষণা কৰিছে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণে।
অৱশ্যে ৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ দিনাহে বিনামূলীয়া কৰিব মহিলাৰ প্ৰৱেশ। ৮ মাৰ্চৰ দিনটোত মহিলাসকলে দেশৰ পৰ্যটন ক্ষেত্ৰৰ এই তিনি জনপ্ৰিয় স্থানত স্বাধীনভাৱে উপভোগ কৰিব পাৰিব ঐতিহাসিক সৌন্দৰ্য।
উল্লেখ্য, নাৰীৰ স্বাধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।