নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দল ওপৰত, প্ৰাৰ্থিত্ব নাপালো যদিও মই বিদ্রোহ নকৰোঃ কোনে ক’লে

নিয়মীয়া বার্তা,  ৭ মার্চঃ ৫৯নং নলবাৰী সদৰ সমষ্টিত বিজেপিৰ দলীয় টিকটক লৈ দলীয় কর্মীৰ মাজত উৎকন্ঠা চলি থকাৰ মাজতে অৱশেষত দলে টিকট প্রদান কৰে নলবাৰীৰ প্রাক্তন বিধায়ক তথা অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক৷

ইয়াৰ পিছত টিকটৰ পৰা বঞ্চিত বিধায়ক অশোক শর্মাই প্রতিক্রিয়াৰে কেতবোৰ নিজৰ অনুভৱ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত৷ বিধায়কগৰাকীয়ে কয়– পূর্বৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাকেই এইবাৰ বিজেপি দলে প্রার্থিত্ব দিছে৷ আমি আশা কৰিছো যে নলবাৰীৰ ৰাইজে তেওঁক ভোট দি নির্বাচিত কৰক আৰু চৰকাৰ গঠন কৰাত সহায় কৰিব৷

দলৰ কিছুমান ষ্ট্রেটেজী থাকে৷ তাৰ বাবেই হয়তো দলে মোক এইবাৰ টিকট নিদিলে৷ যোৱা পাঁচ বছৰত মোৰ কিবা হয়তো দুর্বলতা আছিল, তাৰ বাবে হয়তো দলে মোক টিকটৰ পৰা বঞ্চিত কৰিলে৷ কিয় বঞ্চিত কৰিলে সেই বিষয়ে বিশ্লেষণ কৰি লাভ নাই৷

বিজেপিৰ মই এগৰাকী নিষ্ঠাৱান কর্মী৷ আমি বিদ্রোহ নকৰোঁ৷ ব্যক্তিতকৈ দল বহু ওপৰত৷ গতিকে, ২০২১ চনত অসমত বিজেপি দলে পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি আশা কৰিছো।

You might also like