নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন দেশৰ ক’ৰোনাকালীন দিনৰ স্কুলৰ পাঠদান…

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছে সলনি কৰি পেলাইছে সকলো। মুখত মাস্ক, লকডাউন, সামাজিক দূৰত্ব, ছেনিটাইজেচন আদি ভিন্ন কাৰ্য এতিয়া মানৱ সমাজৰ বৈশিষ্ট্য হৈ পৰিছে।

এনে এক সময়তে ভাইৰেল হৈ পৰা ইৰাণৰ এখন ছবিয়ে পোহৰলৈ আনিছে স্কুলৰ পাঠদানৰ এটা অনন্য ৰূপ। প্লাষ্টিকৰ তম্বুৰ মাজত সোমাই প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱা দেখা গৈছে ইৰাণত। ক’ৰোনাই আক্ৰান্ত কৰা দেশখনত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বনৰ বাবে প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।

প্ৰায় সাত মাহৰ মূৰত স্কুল খোলাৰ পিছত এনেদৰে পাঠদানৰ ব্যৱস্থা কৰা হৈছে দেশখনৰ উক্ত স্কুলখনত। প্লাষ্টিকৰ তম্বুৰ মাজত বহি ল’লে মুখত মাস্ক পিন্ধাৰ বিড়ম্বনাৰ পৰাও মুক্ত থকাৰ সুবিধা। এনে এক পদ্ধতিৰে আগবাঢ়িছে ক’ৰোনাকালীন দিনৰ স্কুলৰ পাঠদান।

You might also like