নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL 2020: ৰোহিতৰ ছিক্সাৰ গৈ পৰিল ষ্টেডিয়ামৰ বাহিৰৰ চলন্ত বাছত, চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ অনুশীলনৰ সময়ত বিধ্বংসী ৰূপত হিটমেন ৰোহিত। সন্মুখৰ স্পিনাৰক ধৰাশায়ী কৰি ছিক্সাৰ কোৱাইছিল ৰোহিতে। আৰু সেই ছয় গৈ পৰিলগে ষ্টেডিয়ামৰ বাহিৰৰ এখন চলন্ত বাছত।

বিগতবৰ্ষৰ আইপিএলৰ চেম্পিয়ন দল হৈছে মুম্বাই ইণ্ডিয়াঞ্চ। এইবাৰো পূৰ্বৰ খিতাপ অক্ষুন্ন ৰখাৰ চেষ্টা চলাব ৰোহিত নেতৃত্বধীন মুম্বাই ইণ্ডিয়াঞ্চে। ইপিনে ১৯ ছেপ্টেম্বৰৰ আইপিএল-ৰ উদ্বোধনী মেচ চেন্নাই চুপাৰ কিংছৰ মুখামুখি হ’ব মুম্বাই ইণ্ডিয়াঞ্চ। ধোনী-ৰোহিতৰ এই সন্মুখসমৰলৈ অপেক্ষাত আছে এতিয়া ভাৰতীয় ক্রিকেটপ্রেমীসকল।

You might also like