অভিনেতা ইৰফান খানৰ NSD ৰ পৰা হলীউডলৈ যাত্ৰা, জানো আহক তেওঁৰ ১০ টা বিশেষ কথা
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ বলীউদৰ বিশিষ্ট অভিনেতা ইৰফান খানৰ আজি মৃত্যু ঘটে । ৫৩ বছৰ বয়সত মুম্বাইৰ ককিলাবেন হাস্পতালত মৃত্যু হয় বিশিষ্ট অভিনেতাজনৰ। দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন। মঙলবাৰে অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতাজনে।
অভিনেতা ইৰফান খানৰ NSD ৰ পৰা হলীউডলৈ যাত্ৰাৰ সমগ্ৰ পৰিক্ৰমাটো সামৰি জানো আহক প্ৰিয় অভিনেতাজনৰ বিষয়ে ১০ টা গুৰুত্বপূৰ্ণ কথা-
১. অভিনেতা ইৰফান খানৰ জন্ম হৈছিল ১৯৬৭ চনত ৰাজস্থানৰ জয়পুৰত । তেওঁৰ পিতৃয়ে টায়াৰৰ ব্যৱসায় কৰিছিল । জন্মৰ সময়ত ইৰফানৰ নাম আছিল চাহাবজাদে ইৰফান আলী খান ।
২. ইৰফানে M.A পঢ়ি থকা সময়তে দিল্লীস্থিত নেচনেল স্কুল অৱ ড্ৰামা (NSD ) ত পঢ়িবলৈ স্কলাৰশ্বিপ পাইছিল । তাৰ পাছতেই ইৰফানে NSD ৰ যোগেদি ১৯৮৪ ত অভিনয় জগতখনৰ সৈতে জড়িত হৈ পৰিছিল ।
৩. NSD ৰ শিক্ষা অন্ত হোৱাৰ পাছত ইৰফানে দিল্লীতে থিয়েটাৰ কৰিবলৈ লয় । য’ত তেওঁ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।
৪. ইয়াৰ পাছতে ইৰফানে দিল্লীৰ পৰা মুম্বাইলৈ যোৱাৰ চিন্তা কৰে । মুম্বাইত উপস্থিত হৈয়ে ‘চানক্য’, ‘ভাৰত এক খোজ’, ‘চাৰা জহা হামাৰা’, ‘বনেগা অপনে বাত’, ‘চন্দ্ৰকান্তা’ আৰু ‘শ্ৰীকান্ত’ৰ দৰে চিৰিয়েলত কাম কৰাৰ সুযোগ পায় ।
৫. টেলিভিচনত চিৰিয়েল কৰি থকাৰ সময়তে ছবি পৰিচালক মীৰা নায়াৰে তেওঁৰ ছবি ‘চালাম বুম্বে’ ত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ দিছিল । অৱশ্যে ছবিখন মুক্তিৰ পাছত সেই চৰিত্ৰটো ছবিখনৰ পৰা কাটি দিয়া হৈছিল ।
৬. ইয়াৰ পাছত ১৯৯০ চনত ইৰফানে ‘এক ডাক্তৰ কী ম’ত’ ত কাম কৰে । যিয়ে ছবি সমালোচকসকলৰ প্ৰশংসা বুটলিছিল । তাৰ পাছত অভিনেতাজনে ‘দ্যা ৱাৰিয়ৰ’ আৰু ‘মকবুল’ ৰ দৰে ছবিত সুন্দৰ অভিনয় ৰূপায়ন কৰিছিল ।
৭. ইৰফানে প্ৰথমে ২০০৫ চনত ‘ৰোগ’ নামৰ ছবিখনত মুখ্য ভূমিকা পালন কৰিছিল । তাৰ পাছত ‘হাচিল’ ছবিখনৰ বাবে সেইবছৰৰ ‘শ্ৰেষ্ঠ খলনায়ক’ ৰ শিতানত ফিল্মফেয়াৰ সন্মান লাভ কৰিছিল ।
৮. ইৰফান খানে ‘স্লামডগ মিলিয়নেয়ৰ’ ছবিখনতো এজন আৰক্ষীৰ ভূমিকা ৰূপায়ন কৰিছিল । এই ছবিখনে কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । যাৰ পাছতে ইৰফান খানৰ বাবে হলীউডৰ দুৱাৰ খুলিছিল । য’ত তেওঁ ৩ খনকৈ ছবিত কাম কৰিবলৈ সুবিধা পাইছিল ।
৯. ইৰফান খানৰ ‘পান সিং তোমৰ’ ৰ বাবে নেচনেল এৱাৰ্ডৰ সন্মানেৰে সন্মানিত কৰা হৈছিল আৰু তাৰ লগে লগে অভিনেতাজনক ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানো প্ৰদান কৰা হৈছিল ।
১০. ইৰফানে ২৩ ফেব্ৰুৱাৰী ১৯৯৫ চনত NSD স্নাতক চুতপা চিকন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ।