নিউজ ডেস্ক, ৫ মার্চ : কাৰোবাক মিঞা–তিঞা কিম্বা পাকিস্তানী কোৱাটো বেয়া দেখি যদিও ই অপৰাধ নহয়৷ অর্থাৎ এই ব্যৱহাৰে ধর্মীয় অনুভূতিত আঘাত কৰাটো নুবুজায়৷ উচ্চতম ন্যায়ালয়ে কালি এক শুনানি গ্রহণ কৰি এই মত ব্যক্ত কৰে৷ সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিভি নাগাৰত্না আৰু সতীশ চন্দ্র শর্মাৰ বিচাৰপীঠে এজন ব্যক্তিয়ে চৰকাৰী কর্মচাৰীক পাকিস্তানী বোলাৰ অভিযোগৰ শুনানি গ্রহণ কৰি উল্লিখিত মত ব্যক্ত কৰাৰ লগতে এই গোচৰটো বন্ধ কৰে৷ ঝাৰখণ্ডৰ এজন উর্দু অনুবাদক তথা কার্যালয় সহায়কাৰীয়ে দাখিল কৰা অভিযোগৰ শুনানি গ্রহণ কৰি সর্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে কয় যে নিঃসন্দেহে এই বক্তব্যই বেয়া আচৰণ দেখুৱায়৷ অৱশ্যে এই আচৰণে কোনো ধর্মীয় অনুভূতিত আঘাত কৰাটো নুুবুজায়৷ গতিকে, আইপিচি ধাৰা ২৯০ৰ অধীনত আবেদনকাৰীৰ এই অভিযোগ খাৰিজ কৰা হৈছে৷ মন কৰিবলগীয়া যে তথ্য জনাৰ অধিকাৰ আবেদনত এজন ব্যক্তিয়ে নিজৰ ধর্ম আৰু তেওঁৰ চৰকাৰী সেৱাৰ বর্ণনা কৰাৰ পাছত আৰটিআইৰ কার্যালয়ে ব্যক্তিজনক মিঞা–তিঞা কিম্বা পাকিস্তানী বুলি ব্যৱহাৰ কৰিছিল৷ সেই ব্যক্তিজনে পাছলৈ উল্লিখিত আৰটিআইৰ কার্যালয়ৰ তথ্যৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷