সুখবৰঃ সুদীৰ্ঘ ৯ মাহৰ মূৰত খোল খালে পুৰীৰ জগন্নাথ মন্দিৰ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ দীর্ঘ অপেক্ষাৰ অবসান। নতুন বছৰৰ আৰম্ভণিতেই তীৰ্থ যাত্ৰীসকললৈ সুখবৰ। সুদীৰ্ঘ ৯ মাহৰ মূৰত ভক্তৰ বাবে মুকলি হ’ল পুৰীৰ জগন্নাথ মন্দিৰ। ক’ৰোনা ভাইৰাছৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছিল জগন্নাথ মন্দিৰ। কিন্তু দেওবাৰে পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয় এই মন্দিৰটো।
উল্লেখ্য যে এই মন্দিৰত প্ৰৱেশৰ বাবে মানি চলিব লাগিব কিছু নিয়ম। সেই অনুসৰি প্ৰৱেশকাৰী দৰ্শনাৰ্থীয়ে জমা দিব লাগিব ক’ৰোনা নেগেটিভ ৰিপোৰ্ট। তাৰোপৰি মন্দিৰৰ ভিতৰত মাস্ক পিন্ধা আৰু হাত চেনিটাইজ কৰি সামাজিক দূৰত্ব মানি চলাটো হ’ব বাধ্যতামূলক। ইয়াৰ উপৰিও কোনো ভক্তই অৰ্পণ কৰিবলৈ ফুল, চাকি লগত লৈ আনিব নোৱাৰিব।
উল্লেখ্য যে, দেওবাৰে প্রায় ১৭ হাজাৰ দর্শনার্থী প্রবেশ কৰে পুৰীৰ মন্দিৰত। প্রত্যেকেই জমা দিয়ে কোভিড নেগেটিভ চার্টিফিকেট। লগতে অন্যান্য কোভিড বিধিও মানি চলিবলৈ নিৰ্দেশ দিয়া হয় দর্শনার্থীসকলক। ক’ৰোনাৰ সংহাৰৰ বাবে বিগত মার্চ মাহৰ পৰা দেশৰ অন্যান্য ধর্মীয় স্থানৰ লগতে বন্ধ আছিল পুৰীৰ জগন্নাথ মন্দিৰো। ইপিন আনলক প্ৰক্ৰিয়াৰ পাছত লাহে লাহে দেশৰ অন্যান্য মন্দিৰ খুলিছিল যদিও এই মন্দিৰ বন্ধই আছিল। লগতে ক’ৰোনাৰ বাবেই বছৰ বছৰ ধৰি চলি অহা ৰথযাত্ৰাও বাতিল হৈছিল। ইয়াৰ মাজতে এইবাৰ নিয়ম মানি সকলোৰে বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰি দিলে কর্তৃপক্ষই।