নিয়মীয়া বাৰ্তা, ৪ মে’ : ক’ভিড–১৯ক লৈ দেশত লকডাউন চলি থকাৰ সময়তে পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদৰ জম্মু–কাশ্মীৰত ভয়াৱহ আত্মঘাতী আক্রমণৰ ব্লু–প্রিণ্ট পোহৰলৈ আহিছে ৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য মতে, ১১ মে’ত জইচ–ই–মহম্মদে নিৰাপত্তা বাহিনীৰ ওপৰত আত্মঘাতী আক্রমণ চলাব ৷ কাশ্মীৰ উপত্যকাত ভাৰতীয় সেনাবাহিনীৰ অহৰহভাৱে সন্ত্রাসবাদী সংগঠনৰ ওপৰত চাপ সৃষ্টি কৰি ৰখাৰ পৰিপ্রেক্ষিততেই নিষিদ্ধ পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠনে উভতি ধৰাৰ ব্লু–প্রিণ্ট ৰচিছে ৷ সেইমর্মেই জইচ–ই–মহম্মদে জম্মু–কাশ্মীৰত কর্মৰত নিৰাপত্তা বাহিনীৰ ওপৰত আত্মঘাতী আক্রমণ চলোৱাৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীৰ শিবিৰতো আক্রমণৰ ব্লু–প্রিণ্ট ৰচিছে ৷ উল্লেখ্য যে এপ্রিল মাহতেই ভাৰতীয় সেনাবাহিনীৰ হাতত ২৮ সন্ত্রাসবাদী নিহত হৈছে ৷ চোৰাংচোৱা সূত্রৰ তথ্য মতে, জইচ–ই–মহম্মদৰ শীর্ষ কমাণ্ডাৰ মুফতি আব্দুল ৰৌফ আজগৰ আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ মাজত অনুষ্ঠিত বৈঠকতে জইচ–ই–মহম্মদে আত্মঘাতী আক্রমণৰ ব্লু–প্রিণ্ট প্রস্তুত কৰিছিল ৷ সেই ব্লু–প্রিণ্ট অনুসৰিয়েই ভাৰত ভূমিত সীমান্তৰে ২৫–৩০জন সন্ত্রাসবাদীয়ে প্রৱেশ কৰিছে ৷