ভাৰত আক্রমণৰ ব্লুপ্রিণ্ট জইচ–ই–মহম্মদৰ
নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান দখল কৰাৰ পাছতেই পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদে ভাৰতত আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ দেশৰ চোৰাংচোৱা সংস্থাই জে ই এম সম্পর্কিত ছ’চিয়েল মিডিয়াৰ যোগে সন্ত্রাসবাদী সংগঠনটোৱে ভাৰতত বিশেষকৈ জম্মু–কাশ্মীৰত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰাৰ তথ্য লাভ কৰিছে৷ আফগানিস্তান দখল কৰাৰ পাছতেই তালিবানে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া ১০০তকৈ অধিক জে ই এমৰ সন্ত্রাসবাদী পুনৰ নিষিদ্ধ সংগঠনটোত যোগদান কৰিছে৷ এই শতাধিক দুর্ধর্ষ সন্ত্রাসবাদীৰ জৰিয়তে জে ই এমৰ মুৰব্বী মাছুদ আজহাৰে জম্মু–কাশ্মীৰত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে৷ চোৰাংচোৱা সূত্রই লাভ কৰা তথ্য মতে, জম্মু–কাশ্মীৰত সন্ত্রাসবাদী সংগঠনটোৱে আক্রমণ অধিক তীব্রতৰ কৰাৰ লক্ষ্যৰে তালিবানে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া শতাধিক দুর্ধর্ষ সদস্যক একত্রিত কৰি প্রশিক্ষণ আৰম্ভ কৰিছে৷ সন্ত্রাসবাদী সংগঠন তালিবানে আফগানিস্তান জয় কৰাৰ পাছত জে ই এমে জম্মু–কাশ্মীৰত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰি ইতিমধ্যে দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰে তালিবান নেতৃত্বৰ সৈতে মিলিত হৈছে৷
জে ই এমৰ মুৰব্বী আজহাৰসহ কেইবাজনো শীর্ষ কমাণ্ডাৰে তালিবান নেতাৰ সৈতে মিলিত হৈ ভাৰতত আক্রমণৰ বাবে সহায় বিচাৰিছে৷ কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদী সংগঠনটোৱে অধিক আক্রমণ কৰি ভাৰতক অশান্ত কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰা সন্ত্রাসবাদী আজহাৰে তালিবানৰ শীর্ষ নেতৃত্ব মোল্লা আব্দুল ঘানি বাৰাদৰসহ কেইবাজনো নেতাক সাক্ষাৎ কৰিছে৷ এই সাক্ষাতৰ সময়ত আজহাৰে জম্মু–কাশ্মীৰত আক্রমণ কৰাৰ সমান্তৰালকৈ অঞ্চলটোত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি কৰাৰ বাবে তালিবানৰ সহায় বিচাৰিছে৷ তালিবানে আফগানিস্তান দখল কৰাৰ পাছতেই জে ই এমৰ দুর্ধর্ষ কমাণ্ডাৰসকলে পাকিস্তানৰ বাহাৱালপুৰস্থিত সংগঠনটোৰ মুখ্য কার্যালয়ত মিলিত হৈ তালিবানৰ জয়ৰ বাবে উল্লাস প্রদর্শন কৰে৷
মন কৰিবলগীয়া যে তালিবান আৰু জইচ–ই–মহম্মদৰ আদর্শ একেই৷ কিয়নো দুয়োটা নিষিদ্ধ সন্ত্রাসবাদী সংগঠনে ইছলামিক আইন শ্বাৰিয়াক অনুকৰণ কৰে৷ উল্লেখ্য যে জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীৰ হাতত চলিত বর্ষতে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জে ই এমৰ দুটা দুর্ধর্ষ কমাণ্ডাৰ মহম্মদ ইছমাইল আৰু আব্দুল ৰছিদ ঘাজি নিহত হৈছে৷ এই দুই পাকিস্তানী সন্ত্রাসবাদী ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীৰ পুলৱামাত চি আৰ পি এফৰ কনভয়ৰ ওপৰত আত্মঘাতী আক্রমণৰ মাষ্টাৰ মাইণ্ড আছিল৷ ৰাষ্ট্রসংঘৰ দ্বাৰা নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন জে ই এম আৰু ইয়াৰ মুৰব্বী মাছুদ আজহাৰো ৰাষ্ট্রসংঘৰ ঘোষিত সন্ত্রাসবাদী৷