নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যপ্ৰাণীপ্ৰেমীলৈ সুখবৰ : ‘জালা’ই কুনোলৈ আনিলে তিনিটা নতুন আলহী

🔹 নামিবিয়াৰ পৰা অনা চিতা বাঘে জন্ম দিলে তিনিটা পোৱালি

বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : নৱবৰ্ষৰ আৰম্ভণিতে দেশৰ বন্যপ্ৰাণীপ্ৰেমীলৈ এক সুখবৰ। মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা বাঘৰ তিনিটা পোৱালিৰ জন্ম হয়। নামিবিয়াৰ পৰা অনা মাইকী চিতা ‘জালা’ই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা পোৱালি জন্ম দিয়ে। ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত নামিবিয়াৰ পৰা প্ৰথম পৰ্যায়ত ৮টা চিতা ভাৰতলৈ অনা হৈছিল। “জালা” নামৰ এই চিতাটো ভাৰতলৈ আহিছিল প্ৰথম পৰ্যায়ত। পিছত দ্বিতীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২টা চিতা অনা হয়। ভাৰতলৈ এই চিতাকেইটা অনাৰ পিছত কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হয়। উল্লেখ্য যে ‘জালা’ই ২০২৩ চনৰ মাৰ্চ মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা পোৱালি জন্ম দিছিল। অৱশ্যে তাৰ তিনিটা পোৱালিৰ মৃত্যু হয়। প্ৰায় এবছৰত আৰু তিনিটা পোৱালি জন্ম দিলে জালা নামৰ চিতাটোৱে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে তেওঁৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰি এই ভাল খবৰটো জনায়। ১৫ ছেকেণ্ডৰ এই ভিডিঅ’টোত ‘জালা’ক তিনিওটা পোৱালিৰ সৈতে দেখা গৈছে। মঙলবাৰে পুৱা ভিডিঅ’টো পোষ্ট কৰি ভূপেন্দ্ৰ যাদৱে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ আদৰণি জনায় তিনিওটা পোৱালিক। লগতে দেশৰ সকলো বনকৰ্মীক অভিনন্দন জ্ঞাপন কৰে। এসপ্তাহৰ আগতে নামিবিয়াৰ পৰা অনা আন এটা মাইকী চিতাই ‘আছা’ নামৰ আন এটা পোৱালি জন্ম দিছিল। ইয়াৰ সাত দিনৰ পাছত কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু তিনিটা পোৱালি জন্ম হয়। ভাৰতত চিতাৰ সংখ্যা বৃদ্ধিৰ প্ৰধান লক্ষ্যৰে ২০২২ চনৰ পৰা নামিবিয়া আৰু আফ্ৰিকাৰ অন্যান্য ঠাইৰ পৰা চিতা অনা হৈছিল।

You might also like