নিয়মীয়া বাৰ্তা, ৫ মে’ : এখন আলোকচিত্র এহাজাৰ শব্দৰ সমান৷ সাংবাদিকতাত বহু পুৰণা আৰু চিৰসত্য এই প্রবাদ৷ এনে কেইখনমান স্মৰণীয় আলোকচিত্রৰ বাবেই জম্মু–কাশ্মীৰৰ তিনিজন ফটো সাংবাদিকে লাভ কৰিছে ২০২০ বর্ষৰ পুলিৎজাৰ বঁটা৷ ফিছাৰ ফটোগ্রাফীত চলিত বর্ষৰ পুলিৎজাৰ বঁটা লাভ কৰা কাশ্মীৰ উপত্যকাৰ এই ফটো সাংবাদিক তিনিজন হ’ল ডাৰ ইয়াছিন, মুখতাৰ খান আৰু চন্নি আনন্দ৷
ইয়াছিন আৰু মুখতাৰ কাশ্মীৰৰ শ্রীনগৰ আৰু আনন্দ জম্মুৰ বাসিন্দা৷ ২০০৯ চনৰ ৫ আগষ্টত জম্মু–কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰিছিল কেন্দ্রীয় চৰকাৰে৷ সেই সময়ৰ পৰা দীর্ঘদিন ধৰি লকডাউনত আছিল কাশ্মীৰ৷ আনকি ফোন, ইণ্টাৰনেট সেৱা পর্যন্ত বন্ধ কৰা হৈছিল ৰাজ্যখনত৷ কাশ্মীৰৰ খবৰ বাহিৰৰ জগতখনে লাভ কৰা নাছিল৷ এনে সময়ছোৱাতে নিজৰ প্রাণ সংকটাপন্ন কৰি কিছুমান স্মৰণীয় ফটো তুলিছিল সাংবাদিক তিনিজনে৷ কাশ্মীৰৰ তদানীন্তন পৰিস্থিতিৰ বহু ভয়াৱহ স্মৃতি তেওঁলোকে নিজৰ কেমেৰাত বন্দী কৰিছিল৷ জটিল পৰিস্থিতিৰ মাজতো এই ছবিসমূহ প্রকাশৰ ব্যৱস্থা কৰিছিল সাংবাদিক তিনিজনে৷ কঠিন সময়ত কৰা অসাধাৰণ সাংবাদিকতাৰ বাবে অৱশেষত পুলিৎজাৰ বঁটা লাভ কৰিলে সাংবাদিক তিনিজনে৷
বঁটা ঘোষণা কৰাৰ পাছতেই কাশ্মীৰত সাংবাদিকসকলৰ মাজত আৰম্ভ হয় উৎসৱমুখৰ পৰিৱেশ৷ উল্লেখ্য যে আমেৰিকাৰ সন্মানীয় পুলিৎজাৰ বঁটা কেইবাটাও বিভাগত প্রদান কৰা হয়৷ ইয়াৰ ভিতৰত সাংবাদিকতাৰ ১৫টা বিভাগ, গ্রন্থ, নাটক আৰু সংগীতো আছে৷ ইনভেষ্টিগেটিং ৰিপ’র্টিঙত পুলিৎজাৰ বঁটা লাভ কৰিছে ‘দ্য নিউয়র্ক টাইমছ’ৰ ব্রেইন এম ৰছেন্থালে৷ এক্সপ্লেনেটৰী ৰিপ’র্টিঙত বঁটা লাভ কৰিছে ‘দ্য ৱাশ্বিংটন প’ষ্ট’ৰ ষ্টাফে৷ ইণ্টাৰনেচনেল ৰিপ’র্টিঙত ‘দ্য নিউয়র্ক টাইমছ’ৰ ষ্টাফে লাভ কৰিছে এই বঁটা৷ আন কেইটামান উল্লেখনীয় বিভাগ নাটকত ‘এ ষ্ট্রেঞ্জ লোপ’ৰ বাবে মাইকেল আৰ জেকছন, বায়’গ্রাফীত ‘ছণ্টেগ ঃ হাৰ লাইফ এণ্ড ৱর্ক’ৰ বাবে বেঞ্জামিন মছেৰ, কবিতাত ‘দ্য ট্রেডিছন’ৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছে জেৰিকো ব্রাউনে৷ সংগীতৰ বিভাগত ‘দ্য চেণ্ড্রেল পার্ক ফাইভ’ৰ বাবে এন্থনী ডেভিছে লাভ কৰিছে এই সন্মান৷ উল্লেখ্য যে আন বহুকেইটা বিষয়ত পুলিৎজাৰ বঁটা প্রদান কৰা হয়৷