নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ জম্মু–কাশ্মীৰ চুৰানকোটত সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘর্ষত সেনাৰ জেচিঅ’কে (junior commissioned officer) ধৰি ৫জন সেনা জোৱান শ্বহীদ হোৱাৰ লগতে এটা সন্ত্রাসবাদী নিহত হৈছে৷
খবৰ অনুসৰি জম্মুৰ মাথুভেৰ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ চুৰানকোট অঞ্চলৰ অৰণ্যত এই সংঘৰ্ষ হৈছিল।
আৰক্ষী শীৰ্ষ বিষয়াই জনোৱা মতে, সেনাই চুৰানকোটত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ ডেৰা পথৰ অৰণ্যত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত পুৱাৰে পৰা এক অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়ত, সুৰক্ষা বাহিনীয়ে বনাঞ্চলত সন্ত্ৰাসবাদী উপস্থিত থকাৰ প্ৰমাণ পোৱাত সংঘৰ্ষৰ সূত্ৰপাত ঘটে।
এই আক্ৰমণত চুবেদাৰ জসবিন্দৰ সিং, নায়ক মনদীপ সিং, পঞ্জাৱৰ চিপাহী গজ্জন সিং, উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ চিপাহী চাৰাজ সিং আৰু কেৰালাৰ কোল্লামৰ কনিষ্টবল বৈচাখ এইচ নিহত হয়।
ইপিনে এই সংঘর্ষত এটা সন্ত্রাসবাদীও নিহত হোৱা বুলি জানিব পৰা গৈছে।
A junior commissioned officer (JCO) & four soldiers killed in action during a counter-terrorist operation in the Rajouri sector in the Pir Panjal ranges: Sources
— ANI (@ANI) October 11, 2021