নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ’ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ  ৰাজ্যৰ ক’ভিডকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মে মাহৰ পৰা পৰ্যটকৰ বাবে বন্ধ হৈ পৰা শোণিতপুৰ চাৰিদুৱাৰস্থিত নামেৰী ৰাষ্ট্ৰীয় উদ্যান ১১ অক্টোবৰৰ পৰা ক’ভিড নীতি মানি সকলো দেশী- বিদেশী পৰ্যটকৰ কাৰণে সম্পূৰ্ণৰূপত পুনৰাই মুকলি কৰি দিয়া হয়।

লগতে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা জীয়াভৰলী নৈত বাৰিষাৰ বানত উটি আহি বিভিন্ন প্লাষ্টিক, গ্লাছ আদি আৱৰ্জনা, উদ্যানখনৰ বিভিন্ন বালিচৰত জমা হৈ থকাত স্থানীয় ৰাইজ, পৰ্যটন সমন্বয়ৰক্ষীসকলৰ সহযোগত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই পৰিষ্কাৰ কৰি উদ্যানখনৰ জীৱকূলৰ লগতে ৰাফ্টিং (নৌকাবিহাৰৰ) কাৰণেও সুচল কৰি তোলে।

একেদৰে, ৫ কিলোমিটাৰ জুৰি থকা ট্ৰেকিঙৰ ৰাস্তাটোও পৰ্যটকসকলে অসুবিধা নোহোৱাকৈ নামেৰীৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ তথা বন্যজীৱসমূহ পৰ্যবেক্ষণ কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই।

ৰাজ্যিক পক্ষী দেওহাঁহৰ বিচৰণভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান পক্ষী নিৰীক্ষণৰ কাৰণেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এইবছৰ নামেৰীলৈ ৰাফ্টিং আৰু ট্ৰেকিঙ তথা পক্ষী নিৰীক্ষণৰ বাবে অহা প্ৰতিজন পৰ্যটকে ক’ভিড- ১৯ প্ৰতিৰোধী টীকা লোৱা বাধ্যতামূলক হোৱাৰ লগতে পৰিভ্ৰমণকালত মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলিও উদ্যান কৰ্তৃপক্ষই কাকতৰ এই প্ৰতিবেদকক জনাইছে । সমান্তৰালভাৱে ৰাফ্টিঙৰ সময়ত তথা ট্ৰেকিঙৰ কাৰণে জীয়াভৰলী নৈ পাৰ হওঁতে লাইফ জেকেট পিন্ধাটোও বাধ্যতামূলক কৰা হৈছে।

Input: প্ৰাঞ্জল, বালিপৰা

You might also like