নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ তিনিদিনীয়া কার্যসূচীৰে কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰ ভ্রমণৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্রথম দিনা জম্মু–কাশ্মীৰৰ নিৰাপত্তা পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে৷ বিগত কিছুদিন ধৰি সন্ত্রাসবাদীয়ে বহিৰাগত শ্রমিক–ব্যৱসায়ী আৰু সাধাৰণ নাগৰিকক আক্রমণৰ লক্ষ্য কৰি লোৱা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শনিবাৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত নিৰাপত্তা পর্যালোচনা বৈঠকত পৰিস্থিতিক লৈ বিতং আলোচনা কৰা হয়৷ পর্যালোচনা বৈঠকৰ পিছত গৃহমন্ত্রী শ্বাহে সন্ত্রাসবাদীৰ গুলীত প্রাণ হেৰুওৱা শ্বহীদ জম্মু–কাশ্মীৰৰ আৰক্ষী জোৱান পাৰভেজ আহমেদ ডৰৰ বাসগৃহলৈ গৈ শ্বহীদ জোৱানগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ পত্নীক চৰকাৰী সংস্থাপন দিয়ে৷
তদুপৰি গৃহমন্ত্রীগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে শ্রীনগৰ শ্বাৰজাহ আন্তর্জাতিক বিমান সেৱা মুকলি কৰে আৰু জে কে য়ুথ ক্লাবৰ সদস্যৰ সৈতে বার্তালাপ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত নতুন কাশ্মীৰ গঢ়াৰ প্রক্রিয়া আৰম্ভ কৰিছে বুলি উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে যি কাশ্মীৰত শিল নিক্ষেপ, সন্ত্রাসবাদ, হিংসা আদি বাতৰি বিগত আঢ়ৈ বছৰ ধৰি চলি আছিল, সেই কাশ্মীৰৰ যুৱকে এতিয়া বিকাশ, দক্ষতা বিকাশ, সংস্থাপন আৰু শিক্ষাৰ কাৰণে জলপানিত অংশগ্রহণ কৰিছে৷ কোনো শক্তিয়েই কাশ্মীৰত আৰম্ভ হোৱা পৰিৱর্তন আৰু নতুন অধ্যায়ক বন্ধ কৰিব নোৱাৰে বুলি দৃঢ়তাৰে কয় গৃহমন্ত্রী শ্বাহে৷ উল্লেখ্য যে কাশ্মীৰৰ ইতিহাস ২০১৯ চনৰ ৫ আগষ্টত সোণালী আখৰেৰে লিপিবদ্ধ হোৱা বুলি উল্লেখ কৰি গৃহমন্ত্রী শ্বাহে কয় যে কাশ্মীৰত নতুন আৰম্ভণি হৈছে, শংকা–সন্ত্রাসবাদ আদিৰ সামৰণি পৰি শান্তি–বিকাশ–সমৃদ্ধ আৰু সহবাসৰ নতুন যুগ আৰম্ভ হৈছে৷
মন কৰিবলগীয়া যে ঔদ্যোগিক নীতিয়ে দেশৰ ৰাজ্য কিম্বা কেন্দ্রীয়শাসিত অঞ্চলক যি ধৰণে আকর্ষিত কৰিছে, তাতকৈ অধিক এই নীতিয়ে আকর্ষিত কৰিছে জম্মু–কাশ্মীৰক৷ স্বাধীনতাৰ পাছৰে পৰা জম্মু–কাশ্মীৰত ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগ হোৱাৰ বিপৰীতে নতুন ঔদ্যোগিক নীতিৰ বাবে মাত্র ছমাহৰ ভিতৰতে ১২ হাজাৰ কোটি টকা বিনিয়োগ হৈছে৷ উল্লেখ্য যে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰি জম্মু–কাশ্মীৰক দ্বিবিভক্ত কৰি জম্মু–কাশ্মীৰ আৰু লাডাখক কেন্দ্রীয়শাসিত অঞ্চল হিচাপে গঠন কৰাৰ পিছত প্রথমবাৰৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে জম্মু–কাশ্মীৰ ভ্রমণ কৰিছে৷