নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷
বৃষ: কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা–গধূলি শিৱৰ জপ কৰক৷ ৰঙা বস্ত্র পৰিধান কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
মিথুন: দিনটো শুভ৷ নতুন সংবাদ পাব পাৰে৷ যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পাছত কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
কর্কট: অর্থপ্রাপ্তিৰ ক্ষেত্রত সৰু–সুৰা বাধাৰ সন্মুখীন হ’ব পাৰে৷ শিক্ষার্থীৰ ক্ষেত্রত অলপ সতর্ক থাকক৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
সিংহ: কর্মস্থানত অত্যধিক কামৰ প্রভাৱ পৰিব পাৰে৷ আর্থিক উন্নতি নিশ্চিত৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
কন্যা: আর্থিক দিশত মধ্যমীয়া৷ দূৰ সংবাদে আনন্দিত কৰিব পাৰে৷ ভ্রমণত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
তুলা: দিনটো মধ্যমীয়া৷ প্রেমত শুভ৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ শুভ সংখ্যা ২৷ শুভ ৰং বেঙুনীয়া৷
বৃশ্চিক: অর্থৰ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ আকস্মিক ঘটনাই আনন্দিত কৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷
ধনু: শৰীৰৰ প্রতি যত্ন লোৱা প্রয়োজন৷ মানসিক অস্বস্তিত ভুগিব পাৰে৷ যাত্রা কৰিলে পূব দিশৰ পৰা কৰিব৷ কর্মত উন্নতিৰ যোগ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৫৷
মকৰ: ক্রমে দিনটো উন্নত অনুভৱ কৰিব৷ কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীৰ বাবে দিনটো শুভ৷ চুটি ভ্রমণ হ’ব পাৰে৷ প্রেম–প্রণয়ত উৎসাহ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
কুম্ভ: পুৱাৰ ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব৷ কর্মস্থানত ভালেই দেখা যাব৷ বিদ্যাত কিছু আশাপ্রদ৷ শৰীৰ মধ্যম৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৮৷
মীন: কর্মত বাধা আছে৷ বেংক কর্মীসকলে নিজৰ দক্ষতা দেখুৱাব পাৰিব৷ হাতলৈ ধন অহাৰ যোগ আছে৷ প্রেম–প্রণয়ত সাময়িক বাধা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৪৷

You might also like