জম্মুৰ বৈষ্ণো দেৱী তীর্থযাত্রীক লাগিব ক’ভিড–১৯ নিগেটিভৰ ৰিপ’ট
৪৮ ঘণ্টাৰ ভিতৰত হ’ব লাগিব ক’ৰোনাৰ পৰীক্ষণ
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ জম্মু–কাশ্মীৰৰ পৱিত্র বৈষ্ণো দেৱী মন্দিৰ ভ্রমণলৈ ওলোৱা তীর্থযাত্রীক লাগিব ক’ভিড–১৯ নিগেটিভৰ ৰিপ’ট৷ যোৱা ১৬ আগষ্টৰ পৰা পৱিত্র বৈষ্ণো দেৱী মন্দিৰ ভক্ত আৰু তীর্থযাত্রীৰ বাবে মুকলি কৰা হৈছে৷ মাতা বৈষ্ণো দেৱী পীঠ ব’ডৰ চিই’ ৰমেশ কুমাৰে প্রকাশ কৰা মতে, জম্মু–কাশ্মীৰৰ বাহিৰৰ পৰা অহা সকলো তীর্থযাত্রীয়ে ক’ভিড–১৯ নিগেটিভ ফলাফলৰ ৰিপ’ট লগত আনিব লাগিব আৰু এই ৰিপ’ট ভ্রমণৰ ৪৮ ঘণ্টাৰ ভিতৰৰ হ’ব লাগিব৷ অর্থাৎ ৪৮ ঘণ্টাৰ পূর্বৰ ৰিপ’ট গ্রহণযোগ্য নহ’ব৷ ক’ভিড–১৯ পৰীক্ষণৰ ৰিপ’ট নহ’লে কোনো ভক্তকে সেই মন্দিৰ দর্শন কৰিবলৈ অনুমতি দিয়া নহ’ব৷ চিই’ কুমাৰে কয় যে কেন্দ্রীয় চৰকাৰে মন্দিৰ দর্শনৰ বাবে এছ’পি জাৰি কৰিছে আৰু সকলো তীর্থযাত্রীৰ নিজৰ সুৰক্ষাৰ লগতে আনৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই এছ’পি মানি চলিব লাগিব৷ মন্দিৰ চৌহদৰ বাহিৰত থকা থার্মেল স্ক্রীনিং চেণ্টাৰত সকলো তীর্থযাত্রীয়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব৷ ছেনিটাইজাৰ লগত ৰাখিব লাগিব৷ তদুপৰি প্রতিগৰাকী তীর্থযাত্রীয়ে সামাজিক দূৰত্ব বর্তাই ৰাখিব লাগিব৷ উল্লেখ্য যে তীর্থযাত্রীক সহায়ৰ বাবে বেটাৰীচালিত বাহন, ৰ’পৱে’ আৰু হেলিকপ্ঢাৰ সেৱা উপলব্ধ হ’ব৷ ইয়াতো সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব৷