নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী কিছিদা

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিছিদা শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯ আৰু ২০ মাৰ্চত নতুন দিল্লীত থাকিব। তেওঁ আজি প্ৰধানমন্ত্ৰী মোদীকো সাক্ষাৎ কৰিব। তাৰ পিছত তেওঁ চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব।

জাপানী সংবাদ মাধ্যমৰ মতে, এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী কিছিদাই অহা পাঁচ বছৰত ভাৰতত ৪২ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া যে জাপানৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া ফুমিঅ কিছিদাৰ প্ৰথম ভাৰত ভ্ৰমণ আৰু প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্ধিয়া ৫ বজাত দিল্লীৰ হায়দৰাবাদ হাউচত সাক্ষাৎ কৰিব।

উল্লেখ্য যে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, সন্মিলনত দুয়োখন দেশৰ মাজত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব। তেওঁ কয় যে যোৱা বছৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক আৰু বহুপাক্ষিক অংশীদাৰীত্ব দেখা গৈছিল আৰু ভাৰত-জাপান বিশেষ ৰণনীতি আৰু অংশীদাৰীত্ব অধিক শক্তিশালী হৈছিল। বাগচীয়ে লগতে কয় যে ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ ভিতৰত বহুমাত্ৰিক সহযোগিতা আছে।

You might also like