নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগনাৰ বিৰুদ্ধে মানহানি গোচৰ প্রত্যাহাৰ জাভেদ আখতাৰৰ

🔹 বলীউডৰ দুই তাৰকাৰ পাঁচ বছৰীয়া শত্রুতাৰ অৱসান

নিউজ ডেস্ক, ১ মাৰ্চ : পাঁচ বছৰৰ বোকা ছটিওৱা খেলৰ ইতি টানিলে গীতিকাৰ জাভেদ আখতাৰ আৰু অভিনেত্রী কংগনা ৰাণাৱটে৷ ফেব্রুৱাৰী মাহৰ আৰম্ভণিতে জাভেদ আখতাৰে ৰুজু কৰা মানহানি গোচৰত কংগনা ৰাণাৱাটৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ব বুলি হুংকাৰ দিছিল মুম্বাই আদালতে৷ কিন্তু মাহ শেষ হোৱাৰ পূর্বে সলনি হৈ গ’ল ‘প্লট’৷ মধ্যস্থতা কৰি এই গোচৰৰ নিষ্পত্তি কৰিলে বলীউডৰ দুয়োগৰাকী তাৰকাই৷ অকল সেয়াই নহয়, আদালত চৌহদত হাঁহিমুখে একেটা ফ্রেমত ধৰাও দিলে জাভেদ–কংগনাই৷ ইয়াৰ পিছতে পৰস্পৰে পৰস্পৰক প্রশংসা কৰাও শুনিবলৈ পোৱা গ’ল৷ খবৰটো প্রথম কংগণা ৰানাৱটেই প্রকাশ কৰিছে৷ সাংসদ তথা অভিনেত্রীগৰাকীয়ে এটা প’ষ্টত উল্লেখ কৰিছে–‘আজি মই আৰু জাভেদজীয়ে আমাৰ মাজৰ আইনী যুঁজৰ অৱসান ঘটালোঁ৷ মধ্যস্থতাৰ বিষয়ত জাভেদজী ভীষণ দয়ালু আৰু প্রাণৱন্ত৷ অকল সেয়াই নহয়, মোৰ পৰৱর্তী ছবিৰ বাবে গান লিখিব বুলিও কথা দিছে৷’ কালি পুৱা ১০.৩০ বজাত নিজৰ অধিবক্তাৰ সৈতে বান্দ্রা দণ্ডাধীশ আদালতত উপস্থিত হয় দুয়োগৰাকী তাৰকা৷ ইয়াৰ পিছত আলোচনাৰ জৰিয়তে ২০২০ চনত তৰা মানহানি গোচৰ প্রত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় বলীউডৰ প্রবীণ গীতিকাৰ জাভেদ আখতাৰে৷

You might also like