নিয়মীয়াবাৰ্তা, ১২ডিচেম্বৰ: নিজৰ সপোন আগত লৈ ঝাৰখণ্ড আৰক্ষীৰ হাবিলদাৰ অজিত কুমাৰৰ ২২ বছৰীয়া পুত্ৰ পৱনে ১৬ বছৰ বয়সতে ঘৰৰ পৰা ওলাই আহিছিল। নিজৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁ কেৱল নিজৰ সপোন পূৰণ কৰাই নহয় এনে সফলতাও লাভ কৰিলে, যি দেখি সকলোৱে তেওঁক চেল্যুট জনোৱাৰ লগতে তেওঁৰ পিতৃ-মাতৃকো শুভেচ্ছা জনাইছে।
সৰুৰে পৰা পৱন কুমাৰে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল। প্ৰথম প্ৰয়াসতে এন ডি এ পৰীক্ষাত যোগ্যতা অৰ্জন কৰি এতিয়া তেওঁ এগৰাকী সফল সেনা বিষয়া হৈ পৰিছে। শনিবাৰে ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত তেওঁ শ্ৰেষ্ঠ কেডেটৰ সন্মান বুটলিছে। ইফালে পৱন কুমাৰৰ গৌৰৱান্বিত পিতৃ-মাতৃ অজিত কুমাৰ আৰু চন্দ্ৰকান্তি দেৱীও অনুষ্ঠানত উপস্থিত থাকি পুত্ৰক সন্মান জনোৱা দেখি আবেগিক হৈ পৰে।
উল্লেখ্য যে পৱনৰ পিতৃ অজিত কুমাৰ ঝাৰখণ্ড আৰক্ষীত হাৱিলদাৰ হিচাপে কৰ্মৰত।