নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত প্রবাসী ভাৰতীয় তথ্য–প্রযুক্তি কর্মীৰ দুর্দশা; নিমিষতে হৈ পৰিছে কর্মহীন

  •  সঘন চাটাইৰ ফলত নিমিষতে হৈ পৰিছে কর্মহীন
  • গুগল, মাইক্র’ছফ্ট, ফেচবুক, আমাজনৰ লোভনীয় চাকৰিৰ পাছত দৌৰি হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্রত প্রবাসী ভাৰতীয় তথ্য–প্রযুক্তি কর্মীয়ে দুর্দশাত পৰিছে৷ তথ্য–প্রযুক্তি খণ্ডৰ প্রখ্যাত কোম্পানীসমূহে সঘনে কর্মচাৰী চাটাই কৰি থকাৰ ফলত আমেৰিকাত থকা ভাৰতীয় তথ্য–প্রযুক্তি কর্মী নিমিষতে কর্মহীন হৈ পৰিছে৷ হাজাৰ হাজাৰ ভাৰতীয় তথ্য–প্রযুক্তি কর্মীৰ জীৱন যাপনৰ প্রতি ভাবুকি নামি আহিছে৷ বিশ্বখ্যাত কোম্পানী গুগল, মাইক্র’ছফ্ট আৰু আমাজনে বিগত বর্ষৰ পৰা ধাৰাবাহিকভাৱে কর্মচাৰী চাটাই কৰি অহাৰ ফলত বিশ্বৰ আন দেশৰ লগতে ভাৰতীয় লোকেও এই চাটাই অভিযানৰ কবলত পৰিছে৷ পৰিণতিত আমেৰিকাত জীৱন কটাই থকা ভাৰতীয় তথ্য–প্রযুক্তি কর্মীয়ে সংস্থাপন হেৰুৱাই দুর্দশাত ভুগিছে৷ দ্য ৱাশ্বিংটন পোষ্টৰ সমীক্ষা মতে বিগত বর্ষৰ নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে ২ লাখতকৈও অধিক তথ্য–প্রযুক্তি কর্মীয়ে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷ গুগল, মাইক্র’ছফ্ট, ফেচবুক, টুইটাৰ আৰু আমাজনৰ লেখীয়া প্রখ্যাত কোম্পানীয়ে সঘন চাটাইৰ জৰিয়তে দুই লাখতকৈও অধিক কর্মীক সংস্থাপনহীন কৰিছে৷ তথ্য মতে কোম্পানীকেইটাই চাটাই কৰা কর্মীৰ ভিতৰত ৩০ৰ পৰা ৪০ শতাংশ ভাৰতীয় লোক আছে৷ এই তথ্য–প্রযুক্তিৰ ভাৰতীয় কর্মীসকল এইচ–১বি আৰু এল–১ ভিছাপ্রাপ্ত৷ এইচ–১বি ভিছাৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্রৰ কোম্পানীসমূহে বিদেশৰ পৰা কাৰিকৰী দক্ষতাসম্পন্ন লোকক দেশখনত নিযুক্তি দি আহিছে৷ কোম্পানীসমূহে প্রতি বছৰে ১০ হাজাৰতকৈ অধিক কর্মীক নিয়োগ কৰে৷ ইয়াৰে অধিকাংশই ভাৰত আৰু চীনৰ৷ আনপিনে, এল–১এ আৰু এল–১বি ভিছাৰ জৰিয়তে অস্থায়ীভাৱে বহু লোকক আমেৰিকাত তথ্য–প্রযুক্তিত নিয়োগ কৰি আহিছে৷ এনে ভিছাৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্রত বিশ্বখ্যাত তথ্য–প্রযুক্তিৰ কোম্পানীত কর্মৰত হৈ থকা ভাৰতীয় লোক চাটাইৰ কবলত পৰাৰ লগতে তেনে চাটাইৰ বাবে কেইবাহাজাৰো ভাৰতীয় লোকৰ জীৱন–জীৱিকালৈ শংকা নামি আহিছে৷ কিয়নো আমেৰিকাত সংস্থাপন হেৰুওৱাৰ পাছত নতুনকৈ সংস্থাপন এটা পাবলৈ হ’লে কেইবামাহৰ প্রয়োজন হয়৷ তদুপৰি সংস্থাপন হেৰালেই তেওঁলোকৰ ভিছাৰ স্থিতিও সলনি হৈ পৰে৷ এনে পৰিপ্রেক্ষিতত ভাৰতীয় তথ্য–প্রযুক্তিৰ সংস্থাপন হেৰুওৱা লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে এইচ–১বি ভিছাপ্রাপ্তই ৬০ দিনৰ ভিতৰত নতুন সংস্থাপন যোগাৰ কৰিব লাগিব৷ নহ’লে ভাৰতলৈ উভতি আহিব লাগিব৷ যিটো হাৰত তথ্য–প্রযুক্তিৰ প্রখ্যাত কোম্পানীসমূহে কর্মচাৰীৰ চাটাই চলাই আছে, আমেৰিকাত থকা বহু ভাৰতীয় লোকৰ জীৱিকালৈ শংকা নামি অহাৰ লগতে জীৱনলৈও সংকট নামি আহিব৷ ইতিমধ্যে আমাজন, মাইক্র’ছফ্ট, গুগল, টুইটাৰ আদি কোম্পানীৰ সংস্থাপন হেৰুওৱা ভাৰতীয় লোকে আমেৰিকাত সংস্থাপন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে৷ বিগত বর্ষৰ তুলনাত চলিত বর্ষত কোম্পানীসমূহে কর্মচাৰী চাটাইৰ মাত্রা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ এনে কাৰণতে কোম্পানীসমূহত কর্মৰত হৈ থকা ভাৰতীয় তথ্য–প্রযুক্তি কর্মীৰ প্রতি ক্ষণে ক্ষণে সংস্থাপন হেৰুওৱাৰ শংকা নামি আহিছে৷

You might also like