নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীত ১,৪৫৮ চাকৰি

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীত(Central Reserve Police Force)ত মুকলি হৈছেAssistant Sub Inspector (Steno) ১৪৩ পদ আৰুHead Constable (Ministerial)ৰ ১,৩১৫ পদ৷ অর্হতাসম্পন্ন পুৰুষ/মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰিCRPF IG (Estt.) Dte.–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

Assistant Sub Inspectorৰ মুঠ পদ ১৪৩ৰ ভিতৰত অসংৰক্ষিত ৫৮, অ’বিচিৰ ৩৯, এছচিৰ ২১, এছটিৰ ১১ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৪ পদ সংৰক্ষিত থাকিব৷Head Constableৰ মুঠ পদ ১,১৩৫ৰ ভিতৰত অসংৰক্ষিত ৫৩২, অ’বিচিৰ ৩৫৫, এছচিৰ ১৯৭, এছটিৰ ৯৯ আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৩২ পদ সংৰক্ষিত থাকিব প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰ মুঠ পদ ৩২২টাৰ ভিতৰত পুৰুষ প্রার্থীৰ বাবে ২৫৭টা আৰু মহিলা শ্রেণীৰ প্রার্থীৰ বাবে ৬৫টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীCentral/State Governmentৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত University/Board ৰ পৰা Intermediate (10+2) উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ২৫ জানুৱাৰী, ২০২৩লৈ ১৮–২৫ বছৰ৷ অৱশ্যে প্রার্থীৰ জন্ম ২৬ জানুৱাৰী, ১৯৯৮ৰ পিছত আৰু ২৫ জানুৱাৰী, ২০০৫ৰ আগত হোৱা হ’ব লাগিব৷Assistant Sub Inspector পদৰ প্রার্থীয়ে মাহে ২৯,২০০–৯২,৩০০ টকা আৰুHead Constable পদৰ প্রার্থীয়ে মাহে ২৫,৫০০–৮১,১০০ টকা ৷

আবেদন মাচুল হিচাপে ইণ্ডিয়ান প’ষ্টেল অর্ডাৰ/ডিমাণ্ড ড্রাফ্টৰ মাধ্যমেৰে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১০০ টকা এছএছবিৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈCentral Reserve Police Forceৰ ৱেবছাইট http://www.crpfindia.com/wwwcrpf.nic.in লগ ইন কৰিব পাৰে৷ অনলাইন যোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ জানুৱাৰী, ২০২৩৷

You might also like