নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ এপ্রিলত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী জনছন

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ভাৰত আৰু গ্রেট ব্রিটেইনৰ মাজত সম্পর্ক অধিক উন্নীতকৰণৰ লক্ষ্যৰে অহা ২১ এপ্রিলত দুদিনীয়া ভ্রমণ সূচীৰে ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত নতুন দিল্লীত মিলিত হোৱাৰ পাছত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ গুজৰাট ভ্রমণ কৰিব৷

উল্লেখ্য যে গুজৰাট ভ্রমণ কৰা প্রথমগৰাকী ব্রিটিছ প্রধানমন্ত্রী হ’ব বৰিছ জনছন৷ দুই দেশৰ সম্পর্ক উন্নীত কৰাৰ উপৰি এই ভ্রমণসূচীত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়ে ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলৰ নিৰাপত্তা সহযোগিতাক লৈও আলোচনাত মিলিত হ’ব৷ মন কৰিবলগীয়া গ্রেট ব্রিটেইনত ব্রিটিছ ভাৰতীয় লোকৰ সংখ্যা দেশখনৰ মুঠ জনসংখ্যাৰ আধা৷ ইয়াৰে অধিকাংশৰে পূর্বপুৰুষৰ ভূমি হৈছে ভাৰতৰ পঞ্চম বৃহৎ ৰাজ্য গুজৰাটৰ৷ সেয়েহে ব্রিটিছ প্রধানমন্ত্রীৰ গুজৰাট ভ্রমণ তাৎপর্যপূর্ণ৷

You might also like