ভয়ংকৰ ষড়যন্ত্ৰঃ চীনা মহিলাসহ নেপালী ব্যক্তিক গ্রেপ্তাৰ, জড়িত ফ্রীলেঞ্চ সাংবাদিকো
সাংবাদিকক ধন দি ‘প্রতিৰক্ষা’ৰ তথ্য সংগ্রহ
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ লাডাখৰ এলএচিত চীনৰ সৈতে উত্তেজনা অব্যাহত থকাৰ সময়তে চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত এগৰাকী চীনা মহিলাক কালি দিল্লী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ গোপন তথ্য সংগ্রহ কৰি চীনৰ চোৰাংচোৱাক প্রদান কৰি থকাৰ অভিযোগত চীনৰ মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ লগতে মহিলাগৰাকীৰ সহযোগী নেপালৰ সহকর্মী আৰু ভাৰতৰ এজন ফ্রীলেঞ্চ সাংবাদিকক দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰিছে৷
দিল্লী আৰক্ষীৰ শীর্ষ বিষয়াই প্রকাশ কৰা মতে নেপালৰ সহকর্মীৰ সৈতে মিলিত হৈ চীনৰ মহিলাগৰাকীয়ে ফ্রীলেঞ্চ সাংবাদিক ৰাজীৱ শর্মাক দেশৰ গুৰুত্বপূর্ণ গোপন তথা চীনৰ চোৰাংচোৱাক প্রদান কৰাৰ বাবে বৃহৎ পৰিমাণৰ ধন দিছিল৷ ছেল কোম্পানীৰ জৰিয়তে চীনৰ মহিলাগৰাকীয়ে ফ্রীলেঞ্চ সাংবাদিকজনক ধন প্রদান কৰি আহিছে৷
গ্রেপ্তাৰ কৰা মহিলাগৰাকীৰ লগতে সাংবাদিকজনৰ পৰা আৰক্ষীয়ে বৃহৎসংখ্যক ম’বাইল ফোন, লেপটপকে ধৰি আপত্তিজনক সামগ্রী উদ্ধাৰ কৰিছে৷ দিল্লী আৰক্ষীয়ে প্রকাশ কৰা মতে, গ্রেপ্তাৰ কৰা সাংবাদিকজনৰ পৰা প্রতিৰক্ষা সম্পর্কীয় গুৰুত্বপূর্ণ নথিপত্র জব্দ কৰিছে৷
অফিচিয়েল ছিক্রেট এক্টৰ অধীনত সাংবাদিকজনক দেশবিৰোধী কার্যকলাপত লিপ্ত থকাৰ বাবে গ্রেপ্তাৰ কৰা হৈছে৷ নতুন দিল্লীৰ পিটামপুৰাৰ বাসিন্দা সাংবাদিক শর্মাক দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্রেপ্তাৰ কৰাৰ পিছত বিভিন্ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷
বিশেষ শাখাৰ উপ–আয়ুক্ত সঞ্জীৱ কুমাৰ যাদৱে প্রকাশ কৰা মতে, গ্রেপ্তাৰ কৰা তিনিওজনক সোধা–পোছা কৰি থকা হৈছে৷ শীঘ্রেই ধৃতকেইজনৰ পৰা অধিক তথ্য আৰক্ষীয়ে লাভ কৰিব৷ তাৎপর্যপূর্ণ যে চীনে ভাৰতৰ বিৰুদ্ধে সীমান্তত আগ্রাসী ভূমিকা গ্রহণ কৰি থকাৰ সমান্তৰালকৈ বেইজিঙৰ প্রৰোচনাত ভাৰতৰ মিত্র দেশ নেপালো সম্প্রতি নতুন দিল্লীবিৰোধী স্থিতিত আছে৷
এনে সময়তে চীনৰ মহিলাই নেপালৰ সহকর্মীৰ সৈতে মিলিত হৈ নতুন দিল্লীৰ ফ্রীলেঞ্চ সাংবাদিকৰ পৰা প্রতিৰক্ষা বিভাগৰ গোপন তথ্য সংগ্রহ কৰি চীনৰ চোৰাংচোৱাক যোগান ধৰি অহাটো উদ্বেগজনক হিচাপে চর্চিত হৈছে৷