নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রাজিল দলক নেতৃত্ব দিব নেইমাৰে

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰত প্রাক্তন বিশ্ব চেম্পিয়ন ব্রাজিল দলটোক নেতৃত্ব দিব তাৰকা খেলুৱৈ নেইমাৰে৷ অহা মাহত বলিভিয়া আৰু পেৰুৰ বিপক্ষে খেলিবলগীয়া বিশ্বকাপৰ কোৱালিফায়াৰ মেচ দুখনত নেইমাৰৰ ওপৰত ব্রাজিল দলটোৰ নেতৃত্ব অর্পণ কৰিছে প্রশিক্ষক টিটেই৷ অহা ৯ অক্টোবৰত ছাও পাওলোত বলিভিয়াৰে প্রথমখন কোৱালিফায়াৰ মেচ খেলিব ব্রাজিলে৷ ইফালে, উক্ত মেচ দুখনৰ বাবে ঘোষণা কৰা ব্রাজিল দলটোত ফিলিপ কটিনহোৰ লগতে স্থান লাভ কৰিছে মিড ফিল্ডাৰ ব্রুনো গুইমাৰায়েছ আৰু ৰড্রিগোৱে৷ ইফালে, প্রশিক্ষক টিটেই তাৰকা ফুটবলাৰ থিয়াগো ছিলভাকো দলটোলৈ আমন্ত্রণ জনাইছে৷ উল্লেখ্য যে ব্রাজিলে ১৩ অক্টোবৰত পেৰুৰ বিপক্ষে পৰৱর্তী কোৱালিফায়াৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব।

You might also like