নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইলৈ পাকিস্তানত আক্রান্তৰ সংখ্যা হ’ব ১.২ মিলিয়ন

২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হ’ল পাঁচ হাজাৰ লোক

নিয়মীয়া বাৰ্তা ১৬ জুনঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানত ক্রমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াকৈ দেশখনত ২৪ ঘণ্টাত মুঠ ৫,২৪৮গৰাকী নতুন ব্যক্তি ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াকে ধৰি পাকিস্তানত মুঠ আক্রান্তৰ সংখ্যা ১,৪৪,৬৭৬ লৈ বৃদ্ধি পোৱা দেখা গৈছে৷ ৰাষ্ট্রীয় স্বাস্থ্যসেৱা মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩০ হাজাৰ লোকৰ ক’ভিড–১৯ টেষ্ট সম্পন্ন হৈছে আৰু ইয়াকে ধৰি মুঠ টেষ্টৰ সংখ্যা ৮,৯৭,৬৫০লৈ বৃদ্ধি পাইছে৷ মৃত্যু হোৱা লোকৰ সংখ্যাও শেহতীয়াকৈ যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা গৈছে৷ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা মতে, যোৱা ২৪ ঘণ্টাত দেশখনত মুঠ ৯৭জন লোক মহামাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ সামগ্রিকভাৱে দেশখনত এতিয়ালৈকে ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ২,৭২৯গৰাকী৷ অৱশ্যে ইয়াৰ মাজতে আশাৰ বতৰাটো হ’ল যে দেশখনত প্রায় ৫৩ হাজাৰ ব্যক্তিয়ে ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে৷ ইফালে, দেশখনৰ পৰিকল্পনামন্ত্রী আছাদ ওমৰে আজি আশংকা প্রকাশ কৰিছে যে এইধৰণে দেশখনত ক’ৰোনাৰ প্রকোপ বৃদ্ধি পাই থাকিলে জুলাইৰ শেষলৈ পাকিস্তানত মুঠ আক্রান্তৰ সংখ্যা ১.২ মিলিয়ন স্পর্শ কৰিব৷ মন কৰিবলগীয়া যে মহামাৰী ক’ৰোনা ভাইৰাছে এতিয়ালৈকে বিশ্বত প্রায় ৭৯,০০,০০০ ব্যক্তিক আক্রমণ কৰিছে আৰু এই মহামাৰীৰ ফলত ৪,৩০,০০০ ব্যক্তি মৃত্যুমুখত পৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র হ’ল ক’ৰোনাই সর্বাধিক ক্ষতি কৰা দেশ৷ বিশ্বৰ সবাতোকৈ শক্তিশালী দেশখনক একপ্রকাৰ বিধ্বস্ত কৰি ক’ৰোনাই প্রায় ২.০৯ মিলিয়ন ব্যক্তিক আক্রান্ত কৰিছে৷

You might also like