নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত কাম নাই, সংসাৰৰ অভাৱ… তাৰ মাজতে কেনেকৈ ‘কাঁচা বাদাম’ৰ সৃষ্টি

নিশাৰ ভিতৰতে ইন্টাৰনেট ছেনছেশন হৈ উঠিছে ভুৱন বাদ্যকাৰ। তেওঁ লিখা তথা সুৰ দিয়া ‘কাঁচা বাদাম’ গানৰ তালে তালে ক’বলৈ গ’লে নাচিছে এতিয়া দেশ। বিদেশৰ মাটিতো এই গীতটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে। তাঞ্জানিয়াৰ পৰা ফ্রান্স, বহু বিদেশী ইউটিউবাৰে এই গীতৰ ৰীল বনাইছে। বলীউডৰো একাধিক তাৰকাই গীতটোত ভিডিঅ’ বনাইছে। কেতিয়া কেনেকৈ এই গীত বাণীবদ্ধ কৰিছিল ভূৱনে? নেপথ্য়ৰ কথা জানিলে সকলোৱে আচৰিত নোহোৱাকৈ নোৱাৰে।

এক অনুষ্ঠানত ভূৱনে কয়- বীৰভূমত তেওঁৰ জন্ম। ককায়েক-বৌয়েক, ভতিজা-ভতিজী, নাতি-পুতি সকলোৰে সৈতে এটা ভঙা ঘৰত থাকে। সৰুৰ পৰাই খাটি খাইছে। এসময়ত সংসাৰৰ অভাৱ-নাটনিয়ে জুৰুলা কৰিছিল, প্রতিদিনে শ্ৰমিক কাম নাপাইছিল। সেই তেতিয়া বাদাম বেচা আৰম্ভ কৰিছিল। এদিন গুদামত গৈ দেখিছিল ভঙা ম’বাইল লৈছে, পেলনীয়া খাৰু-মালা লৈছে। গুদামত কথা পাতি আহিছিল। এইবাৰ বাদাম বিক্ৰী কৰি থাকোঁতে বেপাৰী ধৰণেৰে কৈ গৈছিল, খাৰু-মালা থাকিলে দি যাব পাৰে,ভঙা ম’বাইল দি যাব আৰু তাৰ সলনি বাদাম পাব। এইদৰে নিৰ্দিষ্ট ধৰণে কৈ যাওঁতে মন কৰিছিল তাল মিলি গৈছে। তেনেকৈয়ে আৰম্ভ হৈছিল।

You might also like