মনত ৰাখ বাবৰ, মন্দিৰ পুনৰ তাতেই নিৰ্মাণ কৰা হ’বঃ কংগনা ৰানাৱট
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ মুম্বাইৰ পৌৰ কৰ্তৃপক্ষ বি এম চিয়ে আজি অভিনেত্ৰী কংগনা ৰানাৱটৰ মুম্বাইস্থিত কাৰ্যালয়ৰ ভিতৰভাগৰ নিৰ্মাণ অবৈধ বুলি উচ্ছেদ কৰাৰ পিছতে ৰানাৱটে তীব্ৰ কটাক্ষৰে বাণ এৰিছে শিৱসেনা চৰকাৰক।
ৰানাৱটে তেওঁৰ উক্ত কাৰ্যালয়ৰ পুৰণি ফটো শ্বেয়াৰ কৰি কয় যে সেয়া তেওঁৰ বাবে কাৰ্যালয় নহয় ৰাম মন্দিৰ সদৃশ আছিল। কিন্তু আজি তাত বাবৰ আহিছে, ৰাম মন্দিৰ পুনৰ ভাঙিব।
শিৱসেনা চৰকাৰক সকীয়নি দি অভিনেত্ৰীগৰাকীয়ে কয়- কিন্তু মনত ৰাখ বাবৰ, মন্দিৰ পুনৰ তাতেই নিৰ্মাণ কৰা হ’ব। অৰ্থাৎ কংগনা ৰানাৱটৰ দৃষ্টিত বি এম চি হ’ল বাবৰ সেনা আৰু কাৰ্যালয়টো ৰাম মন্দিৰ। উল্লেখ্য আজি প্ৰায় ২.৩০ বজাত মুম্বাইলৈ আহি পাব লগা কংগনাই আৰু কি কটাক্ষৰে মহাৰাষ্ট্ৰ চৰকাৰক আক্ৰমণ কৰে সেয়া লক্ষণীয় হ’ব।