নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ আত্মহত্যাক লৈ কুইনৰ ক্ষোভ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ বলীউডৰ জনপ্রিয় তাৰকা কংগনা ৰানাৱটৰ এক মন্তব্যই তীব্র জোকাৰণি তুলিছে৷ ছ’চিয়েল মিডিয়াত কংগনাই প্রকাশ কৰিছে যে বলীউডৰে এক প্রভাৱশালী চক্রই এই নিদাৰুণ মৃত্যুক সাবটি লোৱাৰ বাবে সুশান্তক ঠেলি দিছিল৷ কংগনাৰ মতে বলীউডত কোনো গডফাডাৰ নথকা সুশান্তক এই চক্রটোৱে ‘আউট ছাইডাৰ’ বুলি প্রায় ইতিকিং কৰিছিল আৰু তেওঁ যাতে নামী–দামী প্রযোজকৰ বেনাৰত কাম নাপায়, তাৰ বাবে প্রচাৰ চলাইছিল৷ আনকি কেইবাখনো ছবিত দুর্দান্ত অভিনয় কৰাৰ পিছতো সুশান্তক পৰিকল্পিতভাৱে বঁটাৰ পৰাও বঞ্চিত কৰিছিল এই চক্রটোৱে৷ শেহতীয়াকৈ এই চক্রটোৱে সুশান্তক বিভিন্ন পক্ষৰ পৰা বলীউড এৰাৰ বাবে মানসিকভাৱে হেঁচা দিছিল বুলি গুৰুতৰ অভিযোগ তুলি কংগনাই কয় যে এনে হেঁচাত পৰিয়েই হয়তো সুশান্তই আত্মহননৰ দৰে ভয়ানক পন্থা ল’বলগীয়া হ’ল৷

You might also like