নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মছজিদত ‘জয় শ্রীৰাম’ শ্লোগান দিয়া অপৰাধ হ’ব নোৱাৰে

🔹 কর্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়দান

নিউজ ডেস্ক, ১৭ অক্টোবৰ : মছজিদৰ ভিতৰত ‘জয় শ্রীৰাম’ শ্লোগান কোনো কাৰণতেই অপৰাধ নহয়৷ এনে নির্দেশ দি দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা অপৰাধমূলক গোচৰ খাৰিজ কৰি দিলে কর্ণাটক উচ্চ ন্যায়ালয়ে৷ আদালতখনে উল্লেখ কৰে যে এই শ্লোগান কেনেধৰণে ধর্মীয় ভাবাৱেগত আঘাত হানিলে, এয়া আদালতৰ বোধগম্য হোৱা নাই৷ ঘটনাৰ সূত্রপাত ২০২৩ চনৰ ছেপ্টেম্বৰত৷ দক্ষিণ কন্নড় জিলাৰ এটা স্থানীয় মছজিদত প্রৱেশ কৰি জয় শ্রীৰাম শ্লোগান দিয়াৰ অভিযোগ উঠিছিল দুগৰাকী ব্যক্তিৰ বিৰুদ্ধে৷ সেই ঘটনাত দুই অভিযুক্তক গ্রেপ্তাৰ কৰে কর্ণাটক আৰক্ষীয়ে৷ তেওঁলোকৰ বিৰুদ্ধে ধর্মীয় ভাবাৱেগত আঘাত, মছজিদত অবৈধ অনুপ্রৱেশসহ অপৰাধমূলক একাধিক ধাৰাত অভিযোগ ৰুজু কৰা হৈছিল৷ কিন্তু আৰক্ষীয়ে অনা অভিযোগক কর্ণাটক উচ্চ ন্যায়ালয়ত প্রত্যাহ্বান জনায় দুই অভিযুক্তই৷ এই গোচৰৰ শুনানিত আৰক্ষীয়ে অনা সকলো অভিযোগ খাৰিজ কৰি দিয়ে উচ্চ ন্যায়ালয়ে৷ গোচৰটোৰ ৰায় দিবলৈ গৈ কর্ণাটক উচ্চ ন্যায়ালয়ে জনায় যে এই গোচৰৰ অভিযোগকাৰীয়ে নিজেই কৈছে যে হিন্দু তথা মুছলমানসকলে সংশ্লিষ্ট অঞ্চলটোত সম্প্রীতিৰ সৈতে বসবাস কৰে৷ গতিকে জয় শ্রীৰাম শ্লোগানক লৈ সমস্যাৰ সৃষ্টি হোৱাৰ প্রশ্ণই নুঠে বুলি ন্যায়ালয়ে ৰায় দিয়ে৷

You might also like