নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চান্দমামাৰ চিত্ৰশিল্পী ‘আমবুলিমামা’ খ্যাত কে চি শিৱশংকৰৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ চান্দমামা আলোচনীৰ প্ৰখ্যাত চিত্ৰশিল্পী কে চি শিৱশংকৰৰ কালি চেন্নাইৰ বাসভৱনত ৯৭ বছৰ বয়সত মৃত্যু হয়। আলোচনীখনৰ চিত্ৰাংকন বিভাগত জড়িত থকা শিৱশংকৰে ৬০ বছৰ ধৰি আলোচনীখনৰ বাবে চিত্ৰ অংকন কৰিছিল।

শিল্পীগৰাকীয়ে অঁকা আলোচনীখনৰ বিক্ৰম-বেতালৰ চিত্ৰই বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল শিশু মনস্তত্ত্বত। ‘আমবুলিমামা’ নামেৰে খ্যাত কে চি শিৱশংকৰৰ জন্ম হৈছিল ১৯২৭ চনত।

উল্লেখ্য ভাৰতৰ ১৩টা ভাষাত প্ৰকাশিত আলোচনীখনে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ১৯৪৭ চনত চেন্নাইৰ পৰা প্ৰকাশ হোৱা আলোচনীখনৰ বিশেষ বৈশিষ্ট্য আছিল উপাখ্যানধৰ্মী গল্প আৰু চিত্ৰাংকন। ২০১৩ৰ পিছত আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।

You might also like