কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ দিৱস পালন
নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আজি অখিল ভাৰতীয় বিশ্ববিদ্যালয় কৰ্মচাৰী মহাসংঘৰ আহ্বানমৰ্মে কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাই বিশ্ববিদ্যালয়খনত প্ৰতিবাদ দিৱস পালন কৰে। শিক্ষা তথা আন বিষয় সামৰি কৰ্মচাৰীসন্থাই চৰকাৰৰ ওচৰত বহুকেইটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে আৰু অনতিপলমে এই দাবীসমূহ চৰকাৰক সমাধানৰ বাবে আহ্বান জনায়। প্ৰায় ২ ঘণ্টাজুৰি অৱস্থান ধৰ্মঘট পালন কৰা বিশ্ববিদ্যালয়খনৰ কৰ্মচাৰী সন্থাৰ দাবীসমূহ হৈছে-
- অনাশিক্ষণ কৰ্মচাৰীৰ বাবে সমহাৰৰ দৰমহাৰ বাবে আয়োগ গঠন কৰা
- পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰা
- সময় নিৰ্ধাৰিত পদোন্নতিৰ ব্যৱস্থা কৰা আৰু পৰ্যাপ্ত নিযুক্তিৰ ব্যৱস্থা কৰা
- ইতিমধ্যে নিযুক্তি দিয়া ঠিকা ভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা
- ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ৰূপায়ণ বন্ধ কৰা
- নীতি নিৰ্ধাৰণ সমিতিত কৰ্মচাৰী প্ৰতিনিধিত্ব নিশ্চিত কৰা
- ২০১৪ চনৰ আগৰ শ্ৰম আইন পুনৰ বলৱৎ কৰা
- গ্ৰাম্য আৰু চহৰ অঞ্চলত নিয়োগ সৃষ্টি কৰা
- ক’ভিড-১৯ ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা
- কৃষক লোন মাফ কৰা আৰু দুগুণ আয় নিশ্চিত কৰা