মোৰ বিশ্বাস নহয় যে মই জীৱিত, ৯৫ দিনৰ মূৰত ক’ৰোনাক্ৰান্তৰ গৃহযাত্ৰা
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ তেওঁৰ মৃত্যু হ’বলৈ গৈ আছে। বাচি থকাৰ আশা মোটামুটি শেষ। আশাভংগৰ এই খবৰ দুবাৰকৈ জনোৱা হৈছিল পৰিয়ালক। পৰিয়ালেও হাস্পতাললৈ যোৱাৰ দিনাই তেওঁৰে শেষ দেখা বুলি ধৰি লৈছিল। বাদ দিছিল সকলো আশা। কিন্তু অৱশেষত তেওঁ উভতি আহিল মৃত্যুৰ দুৱাৰডলিৰ পৰা।
এয়া গ্ৰেট ব্ৰিটেইনৰ এগৰাকী ক’ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে ক’ৰোনাক জয় কৰাৰ সঁচা কাহিনী। যোৱা ২৫ জুনত অভিলেখসংখ্যক ৯৫ দিন হাস্পতালত থকাৰ পিছত কীথ ৱাটছন নামৰ ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ শৰীৰে ঘৰলৈ উভতি আহে। ডেইলী মেইলত সদৰী হোৱা বাতৰি মতে, তিনি সন্তানৰ পিতৃ ৫২ বছৰীয়া কীথ ৱাটচনে ৪১ দিন আই চি ইউত নিস্তেজ হৈ পৰি ৰৈছিল। নিঃষ্ক্ৰিয় হ’বলৈ ধৰিছিল কিডনী আৰু হাঁওফাঁও। পৰিয়ালক খবৰ দিয়া হৈছিল মৃত্যু সন্নিকট বুলি। এনে ঘটনাৰ খবৰ দুবাৰকৈ পৰিয়ালক জনোৱা হৈছিল।
কিন্তু মৃত্যু তেওঁৰ ভাগ্যত লিখা নাছিল। কীথে কয়- মোৰ এতিয়াও বিশ্বাস হোৱা নাই যে মই বাচি আহিছোঁ। মোৰ সেইসকললৈ বেয়া লাগে যি মোৰ দৰে উভতি আহিব নোৱাৰিলে নিজ ঘৰলৈ।
উল্লেখ্য যে এজমা ৰোগৰ সমস্যাত ভোগা কীথে ২০ মাৰ্চতে হাস্পতাললৈ গৈছিল আৰু তেতিয়াই তেওঁৰ শৰীৰত ক’ভিড-১৯ ধৰা পৰাত চিকিৎসাধীন কৰোৱা হৈছিল। যেতিয়া কীথ হাস্পতালত ভৰ্তি হৈছিল ব্ৰিটেইনত সেইদিনালৈ ক’ৰোনাত মৃত্যুৰ সংখ্যা আছিল ১৪৪ আৰু ২৫ জুনত তেওঁ ঘৰলৈ অহাৰ দিনালৈ এই সংখ্যাই চুইছিল ৪৩,০০০ৰ ঘৰ।