বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : আবকাৰী কেলেংকাৰিৰ গোচৰত এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ প্রেৰণ কৰা পঞ্চমখন চমন অগ্রাহ্য কৰিলে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে৷ যোৱা বুধবাৰে কেজৰিৱালক পঞ্চমবাৰৰ বাবে ইডিয়ে তলব কৰিছিল৷ আজি কেন্দ্রীয় সংস্থাটোৰ কার্যালয়ত কেজৰিৱালক জেৰাৰ বাবে হাজিৰ হোৱাৰ নির্দেশ দিয়া হৈছিল৷ কিন্তু আজিও কেজৰিৱালে ইডিৰ কার্যালয়ত হাজিৰ নহ’ল৷ ইডিয়ে অবৈধভাৱে গোচৰ ৰুজু কৰা বুলিহে কেজৰিৱালে অভিযোগ কৰিছে৷